নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্রান্ত লতা মংগেশকাৰ, আইচিইউত ভর্তি

এইবাৰ ক’ভিডত আক্রান্ত হৈছে লতা মংগেশকাৰ। হাস্পাতালত ভর্তি কৰোৱা হৈছে কিংবদন্তী গায়িকাগৰাকীক। মুম্বাইৰ ব্রিচ কেণ্ডি হাস্পাতালৰ আইচিইউত কোকিলকণ্ঠীৰ চিকিৎসা চলিছে। দেশৰ আগশাৰীৰ সংবাদ সংস্থা এএনআইৰ আগত গায়িকাগৰাকীৰ ভতিজী ৰচনাই কৈছে যে তেওঁৰ দেহত সামান্য লক্ষণহে দেখা হৈছে।

এই বয়সত ক’ভিডত আক্রান্ত হোৱাত সাৱধানতা অৱলম্বনৰ বাবেহে আইচিইউত ৰখা হৈছে। তেওঁলোকৰ ব্যক্তিগত পৰিসৰক সম্মান জনোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছে। সকলোকে প্রার্থনা কৰিবলৈও অনুৰোধ জনাইছে।

You might also like