নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ৰোগীৰ বাবে প্রটিন কিমান প্ৰয়োজনীয়

শৰীৰত প্রটিনৰ মাত্ৰা কমি গ’লে ৰোগ প্রতিৰোধৰ ক্ষমতাও কমি যায়। শৰীৰৰ অত্যন্ত কার্যকৰী উপাদান ইমিউনোগ্লোবুলিনৰ পৰিমাণ হ্রাস পায়। ফলত ক’ভিড খুব সহজে দেহত সংক্ৰমিত হ’ব পাৰে। পুষ্টি কমিলে কেৱল কৰোনা নহয়, কৰোনা আৰু ইনফ্লুয়েঞ্জাৰ যৌথ সংস্কৰণ ফ্লুৰোনা সংক্রমণৰ আশংকাও বাঢ়ি যায়। সেয়ে কৰোণা আক্রান্ত হ’লে নিয়মিত খাদ্যাভ্যাসত প্রটিনসমৃদ্ধ খাদ্য ৰাখিবলৈ নাপাহৰিব।
সুস্থ শৰীৰত কিমান প্রটিনৰ প্রয়োজন?
শৰীৰৰ ওজনৰ প্রতি কিলোগ্রামত ০.৮ গ্রাম প্রটিনৰ প্রয়োজন হয়। লিংগ, বয়স, শাৰীৰিক অৱস্থাৰ ওপৰতো প্রটিনৰ পৰিমাণ নির্ভৰ কৰে। গতিকে এই অতিমাৰীৰ সময়ত ক’ভিড ৰোগীৰ ক্ষেত্রত স্বাভাৱিকৰ তুলনাত প্রটিনৰ পৰিমাণ কিছু বঢ়াব লাগে।

প্রটিন সমৃদ্ধ খাদ্য কোনবোৰ?
দুগ্ধজাতীয় খাদ্য, মাংস, বিনছ, লেটুছৰ দৰে বিভিন্ন শাক-পাচলি, বাদাম ইত্যাদি খাদ্যত থাকে ভৰপুৰ প্রটিন। কৰোনা আক্রান্ত হলে বা এই সময়ত সুস্থ থাকিবলৈ খাদ্যতালিকাত এই খাদ্যবোৰ সদায়ে ৰাখিব।

You might also like