নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলক সাম্প্রদায়িক নেতা আখ্যা দিয়াটো উচিত নহয়

সাক্ষাৎগ্রহণ: সঞ্জীৱ দত্ত

১. ৰাজ্যৰ প্রধান বিৰোধী দল হিচাপে কংগ্রেছে আগন্তুক বিধানসভা নির্বাচনৰ বাবে কেনেদৰে সাজু হৈছে৷

: আগন্তুক নির্বাচনৰ ক্ষেত্রত আমাৰ মূল কথা হ’ব যে যোৱা ২০১৬ চনৰ বিধানসভা আৰু ২০১৪ চনৰ লোকসভা নির্বাচনৰ সময়ত বিজেপি দলে অসমৰ ৰাইজক যিবিলাক প্রতিশ্রুতি দিছিল অথবা যিবিলাক কথাৰ বাবে অসমৰ ৰাইজে পৰিৱর্তন বিচাৰিছিল, সেয়া প্রকৃতার্থত কার্যকৰী হৈ নুঠিল৷ বৰঞ্চ বিজেপি চৰকাৰখনে সেই সেই পৰিৱর্তনৰ ক্ষেত্রত ওলোটাখৰহে মাৰিলে৷ সেইখিনি কথাকে আমি ৰাইজৰ আগত দাঙি ধৰিছোঁ৷ ৰাইজৰ পৰা এইক্ষেত্রত এটা উচিত বিচাৰ বিচাৰিছেছা৷

২. বিভিন্ন সময়ত এআইইউডিএফ এটা সাম্প্রদায়িক দল হিচাপে চর্চিত হৈ আহিছে, তেনেক্ষেত্রত দলটোৰ লগত মিত্রতাই আপোনালোকৰ দলৰ ধর্মনিৰপেক্ষ চৰিত্রত আঘাত হনা নাইনে?

: আমি কোনো নির্দিষ্ট এটা দলক উদ্দেশ্য কৰি মহাজোঁটৰ কথা কোৱা নাই৷ অসমত যিমানবিলাক বিজেপিবিৰোধী শক্তি আছে, জাতীয়তাবাদী শিবিৰেই কওক, আঞ্চলিকতাবাদী শিবিৰ কওক, সৰু–বৰ ৰাজনৈতিক দল, ছাত্র সমাজ, সাংবাদিক, বুদ্ধিজীৱী, সকলোকে একগোট কৰি বা অসমৰ চুকে–কোণে থকা সকলো জাতি–জনগোষ্ঠী, ধর্ম–সম্প্রদায় একত্রিত কৰি বিজেপিক উৎখাত কৰাৰ স্বার্থত এটা মহাজোঁট গঠন কৰিব বিচাৰিছোঁ৷ মই ব্যক্তিগতভাৱে ২০১০ চনতেই সংবাদ মাধ্যমত এআইইউডিএফৰ বাবে দর্জা খোলা আছে বুলি অৱগত কৰিছিলোঁ৷ তেতিয়া আমাৰ দলৰ ৮গৰাকী সংখ্যালঘু বিধায়ক আৰু তিনিগৰাকী সংখ্যালঘু মন্ত্রীয়ে মোৰ বিৰুদ্ধে বিষোদগাৰ কৰিছিল৷ সেই সময়ত ভুবনেশ্বৰ কলিতা অসম প্রদেশ কংগ্রেছৰ সভাপতি আছিল আৰু তেওঁৰ সৈতে আলোচনা কৰি আমি এআইইউডিএফক আমাৰ দললৈ আদৰিব বিচাৰিছিলোঁ৷ এতিয়া যিসকলে আগভাগ লৈছে তেতিয়া কিন্তু সেইসকলে এই কথাত তীব্র বিৰোধিতা কৰিছিল৷ তেওঁলোকে এআইইউডিএফ সন্দর্ভত বিভিন্ন কথা কৈছিল৷ কিন্তু মই ব্যক্তিগতভাৱে এআইইউডিএফক লৈ কোনো মন্তব্য কৰা নাই৷ এআইইউডিএফক যিসকলে সমর্থন কৰে সেইসকল সাধাৰণতে কংগ্রেছ সমর্থক৷ কিছু ব্যক্তিগত কথাত মনোমালিন্য হোৱাৰ বাবেহে এআইইউডিএফ দলে আজি অসমৰ জনমানসত ইমান শক্তিশালী ৰূপত প্রতিষ্ঠা হ’বলৈ সুযোগ পালে৷ সেই কাৰণে মই ২০১০ চনতেই এই বিষয়টোৰ মীমাংসা মই বিচাৰিছিলোঁ আৰু মই যি সময়ত বিচাৰিছিলো সেই সময়ত তীব্র বিৰোধিতা কৰিছিল৷ ২০১০ চনত মই কোৱা কথাটো আজি এইসকলে ক’বলৈ আৰম্ভ কৰিছে৷ এআইইউডিএফ অথবা বদৰুদ্দিন আজমল আচলতে সাম্প্রদায়িক নহয়৷ আজি যদি বিপিএফ দলটোৰ কথা কয় বিপিএফ দলটোৱে বড়ো ৰাইজক লৈ চিন্তিত আৰু তেওঁলোকৰ স্বার্থক যাতে আগুৱাই নিব পাৰে তাৰ কাৰণে চিন্তা কৰে৷ এ এছ ডি চি নামৰ এটা সংগঠন আছে, যি কার্বি আংলঙৰ বাবে কাম কৰে বা গণশক্তিয়ে মিচিং ৰাইজৰ বাবে কাম কৰি আছে, তেনে ক্ষেত্রত এআইইউডিএফক সাম্প্রদায়িক বুলি ক’ব নোৱাৰে৷ যদি মিচিং ৰাইজৰ বাবে কাম কৰাৰ বাবে গণশক্তি সাম্প্রদায়িক নহয়, বডো ৰাইজৰ বাবে কাম কৰাৰ বাবে হাগ্রামা মহিলাৰী সাম্প্রদায়িক নহয়, কার্বি আংলঙৰ বাবে কাম কৰাৰ বাবে জয়ন্ত ৰংপি সাম্প্রদায়িক নহয়, তেন্তে মুছলমানৰ হকে কাম কৰিলে বদৰউদ্দিন আজমল ডাঙৰীয়া কেনেকৈ সাম্প্রদায়িক হ’ব?

৩. অসম আন্দোলনৰ পৰাই খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত এক আঞ্চলিক তথা এক জাতীয়তাবাদী ধাৰাৰ সৃষ্টি হৈছে৷ যিটো ধাৰাই সর্বভাৰতীয় ৰাজনৈতিক দলক স্থায়ীভাৱে সমর্থন কৰা নাই৷ তেনেস্থলত কিয় এই জাতীয়তাবাদী বা আঞ্চলিকতাবাদী শক্তিসমূহক একত্রিত কৰিব বিচৰা নাই?

: ব্যক্তিগত পর্যায়ত অসমৰ প্রতিটো বিজেপিবিৰোধী শক্তিৰ লগত আলোচনা চলি আছে৷ আজিৰ দিনটোত আছু এটা ছাত্র সংগঠন আৰু অৰাজনৈতিক চৰিত্র তেওঁলোকে অক্ষুণ্ণ ৰাখি আছে৷ কিন্তু আছুৰ মঞ্চৰ পৰা গৈ অসম গণ পৰিষদ জন্ম হৈ প্রফুল্ল মহন্তই দুবাৰকৈ অসমৰ মুখ্যমন্ত্রী হ’ল৷ পৰৱর্তী সময়ত আছুৱে জাতীয় নায়কৰ উপাধিৰে অসমৰ জনমানসত পৰিচিত কৰি দিয়া সর্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্রী হৈছে৷ গতিকে এইবাৰ আছুৱে তৃতীয়বাৰৰ বাবে ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰ হ’ব বিচাৰিছে৷ এয়া প্রথম বা দ্বিতীয় নহয়৷ আজি অজিত ভূঞাৰ কথাই কওক, অখিল গগৈৰ কথাই কওক বা হাগ্রামা মহিলাৰীৰ কথাই কওক, প্রমোদ বডোৰ কথাই কওক, জয়ন্ত ৰংপিৰ কথাই কওক, গণশক্তিৰ কথাই কওক তেখেতসকলৰ লগত ব্যক্তিগত পর্যায়ত আমাৰ দলৰ বহুত নেতাৰ কথা–বার্তা চলা আছে৷ কিন্তু প্রত্যেক ৰাজনৈতিক দলে পৰিস্থিতি অধ্যয়ন কৰিব, পৰিস্থিতি পৰিৱেশ ৰাইজৰ মতামত এইবিলাকৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক দলৰ নেতৃত্বই সিদ্ধান্ত ল’ব৷

৪. ধর্মীয় সংখ্যালঘুৰ সমর্থন এআইইউডিএফ দলে ইতিমধ্যে ক্রমাগতভাৱে হেৰুৱাইছে৷ বিগত লোকসভা নির্বাচনে এই কথাকে প্রমাণ কৰে৷ বৰপেটা সমষ্টিত আপোনালোকৰ প্রার্থী আব্দুল খালেকে এআইইউডিএফপ্রধান আজমলৰ ভাতৃকে পৰাস্ত কৰিছে৷ তাৰ পিছতো বাংলাদেশী মূলৰ মুছলমানৰ ভোটৰ আশাত দলটোৰ স’তে মিত্রতাৰ কাৰণ কি?

: আজমল ডাঙৰীয়াৰ ভাতৃ চিৰাজুদ্দিন আজমল পৰাস্ত হৈছে৷ কিন্তু আপুনি মুছলমান ভোট বুলি এঘৰীয়া কৰিব নোৱাৰি৷ অসমৰ মুঠ জনসংখ্যাৰ ৩৪ শতাংশ মুছলমান ধর্মাৱলম্বী৷ ৩৪ শতাংশ মানুহক বাদ দি অসমত যদি কোনোবাই ৰাজনীতি কৰিম বুলি ভাবিছে সেইটো একেবাৰে সহজ কথা নহয়৷ বিজেপিৰ যিটো ধম্য় মেৰুকৰণৰ ৰাজনীতি, তেওঁলোকে তাত এটা অংশ আৰু সুবিধাজনক অংক দেখা পাই যে ৩৪ শতাংশটো বাদ দি ৬৬ শতাংশ লৈ ৰাজনীতি কৰিব লাগে৷ এষাৰ কথা আছে ‘ওলাই দেখিবা যাক শত্রু নাভাবিবা তাক’৷ আজি সদৌ অসম ছাত্র সন্থাৰ গর্ভত জন্ম হোৱা অসম গণ পৰিষদৰ মূল লক্ষ্য আছিল এখন বিদেশীমুক্ত অসম৷ মোদী ডাঙৰীয়াই ’১৪ চনত অসমলৈ আহি কি কৈছিল যে ১৬ তাৰিখে বিজেপি আহিব ১৭ তাৰিখে বিদেশীয়ে টোপোলা বান্ধিব আৰু ১৮ তাৰিখে বিদেশী যাব৷ আৰু আজি এইবিলাক কেৱল নির্বাচনী শ্লোগানলৈ পর্যবসিত হ’ল৷ বিদেশী সমস্যাটোৰ সমাধানৰ একমাত্র উপায় আছিল ভাৰত–বাংলাদেশৰ মাজত কেন্দ্রীয় বৈদেশিক মন্ত্রী পর্যায়ত এখন দ্বিপাক্ষিক চুক্তিৰ মাজেদি এই বিষয়টো মীমাংসা কৰিব পাৰি৷ কিন্তু মোদী ডাঙৰীয়াই বাংলাদেশৰ লগত চুক্তি কৰিলে৷ বিজেপিয়ে ৬ বছৰীয়া কেন্দ্রীয় চৰকাৰৰ কার্যকালত বৈদেশিক মন্ত্রালয়ৰ পর্যায়ত কোনো ধৰণৰ আলোচনা নহ’ল৷ যদি তেওঁলোকৰ প্রকৃতার্থত বিদেশী সমস্যাটো সমাধানৰ আন্তৰিকতা আছে, তেনেহ’লে এতিয়াও সময় আছে৷ কেৱল নির্বাচনৰ সময়ত হিন্দু–মুছলমানৰ নামত ভোট বিভাজন কৰি বিজেপিয়ে এটাই কৰিব বিচাৰিছে যে ’১৬ চনত দিয়া প্রতিশ্রুতিসমূহ ৰাইজে পাহৰি যায়৷

৫. চাহ জনগোষ্ঠীৰ পৰম্পৰাগত ভোটবেংকত খহনীয়া চলি থকাৰ সময়তে কংগ্রেছে এআইইউডিএফৰ স’তে মিত্রতা কৰিছে৷ এই মিত্রতাই চাহ জনগোষ্ঠীকে ধৰি খিলঞ্জীয়া লোকসকলক আঘাত হানিব বুলি আপুনি নাভাবেনে ?

: ১৫ বছৰ যেতিয়া আমি শাসনত আছিলোঁ বা তাৰ আগতেও কংগ্রেছ দলৰ ভেটি উত্থানত চাহ জনজাতি সম্প্রদায়ৰ যথেষ্ট অৱদান আছে৷ তাৰ সমান্তৰালভাৱে কংগ্রেছ দলৰো চাহ জনজাতিৰ প্রতি অৱদান আছে৷ আজি পৱনসিং ঘাটোৱাৰৰ দৰে নেতা কেন্দ্রীয় মন্ত্রী হৈছে৷ পৃথিৱী মাঝি বিধানসভাৰ অধ্যক্ষ আছিল৷ প্রদেশ কংগ্রেছৰ সভাপতিৰ দৰে আসনতো ঘাটোৱাৰ অধিষ্ঠিত হৈছিল৷ কিন্তু যোৱাটো নির্বাচনত চাহ জনগোষ্ঠীৰ লোকসকলে কোনো ধম্য় তাড়নাত গৈ বিজেপিক ভোট দিয়া নাই৷ তেওঁলোকে বিজেপিক ভোট দিছিল বিজেপিৰ শ্রুতিমধুৰ প্রতিশ্রুতিত ভোল গৈহে ভোট দিছিল৷ ১৫ লাখ টকা পাছবুকত ভৰাই দিব, গোটবিলাকক ৫ লাখ দিব, বিজুলী–বাটি দিব, বিনামূলীয়া চিকিৎসা সেৱা পাব, ছাত্র–ছাত্রীৰ বাবে বহুত সুবিধা দিব আদিকে ধৰি আৰু বহু শ্রুতিমধুৰ কথা চাহ জনগোষ্ঠীয়েই নহয় অসমৰ ৰাইজে বিজেপিক হিয়া উজাৰি ভোট দিছিল৷ তাৰ পৰিণতিত আজি কি পালে? নিশ্চিতভাৱে চাহ বাগান অঞ্চলসমূহতো এই বিষয়ক লৈ আলোচনা হ’ব৷ আজি অসম চাহ মজদুৰ সংঘই কওক, আটছাই কওক, জনাশুনা মানুহ আছে আৰু তেখেতসকলেই জাতিক দিক নির্দেশনা দিব আৰু মই ভাবোঁ চাহ জনগোষ্ঠীয়ে পুনৰ পুৰণি মূলসুঁতিলৈ ঘূৰি আহিব৷

৬. যুৱপ্রজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্রত আপোনালোকৰ দলে ভূমিকা লৈছে?

: পেটৰ তাড়নাতেই হওক বা কর্মসংস্থাপনৰ অভাৱতেই হওক অসমৰ বহু নিবনুৱা বহিঃৰাজ্যত কাম কৰি আছিল৷ যেতিয়া ক’ৰোনা আৰম্ভ হ’ল কোনো ধৰণৰ পৰিকল্পনাবিহীনভাৱ্ এটা অদূৰদর্শী চিন্তা–চর্চাৰে অসমৰ চৰকাৰে সেই বহিঃৰাজ্যত কর্মৰত যুৱকসকলক অসমলৈ ঘূৰাই আনি প্রথম মাহত কেৱল দুহেজাৰ টকা দি দায়িত্ব সামৰিলে৷ বহিঃৰাজ্যত কর্মৰত একোজন যুৱকে মাহেকত ২০ পৰা ২৫ হাজাৰ টকা মাহেকত দৰমহা পাই ঘৰখনৰ লগতে নিজকে স্বাৱলম্বী কৰাৰ চেষ্টা কৰিছিল৷ কিন্তু ৰাজ্য চৰকাৰখনে ততাতৈয়াকৈ সেইসকল যুৱকক অসমলৈ ঘূৰাই আনি কেৱল ২ হাজাৰ টকা দি দায়িত্ব সামৰিলে৷ কিন্তু বহিঃৰাজ্যত বর্তমান ১৫ শতাংশ যুৱকে এতিয়াও কাম কৰি আছে৷ আৰু এইসকল যুৱকে মাহেকৰ মূৰত দৰমহা পাই আছে৷ কিন্তু অসমলৈ ঘূৰি অহা যুৱকসকলে এতিয়া চৰম হতাশাত ভুগিছে৷ এই নিবনুৱা সমস্যাটো সমাধান কৰাত বিজেপি চৰকাৰখনৰ দায়িত্ব নাই৷ ব্যক্তিগতভাৱে মই নিবনুৱা সমস্যাটো সমাধান কৰিব নোৱাৰোঁ, কিন্তু কংগ্রেছ চৰকাৰখনে বিগত সময়তো নিবনুৱা সমস্যাটো সমাধানত গুৰুত্ব দি আহিছে৷ আগন্তুক সময়তো এই নিবনুৱা সমস্যাটো সমাধানত আমাৰ চৰকাৰখনে গুৰুত্ব দিব৷ কাৰণ নিবনুৱা সমস্যা সমাধানত কংগ্রেছ চৰকাৰখনে লোৱা ভূমিকা সন্দর্ভত অসমৰ ৰাইজ জ্ঞাত৷

৭. বিধানসভা নির্বাচন সমাগত৷ এনে ক্ষেত্রত আপোনৰ সমষ্টি বিহপুৰীয়াত কেনেদৰে আগবাঢ়িছে৷ কাৰণ বিহপুৰীয়া সমষ্টিটো বর্তমান বিজেপিৰ দখলত আছে ৷

: মই এজন সৌভাগ্যৱান ব্যক্তি বুলি ভাবোঁ৷ কাৰণ প্রথমবাৰ নির্বাচনত যেতিয়া মই জয় হৈছিলোঁ, তেতিয়া মই ৩১ হাজাৰ ভোট পাইছিলোঁ৷ যোৱাবাৰ যেতিয়া মই পৰাস্ত হৈছিলোঁ, তেতিয়া মই ৪২ হাজাৰ ভোট পাইছিলোঁ৷ তেনেক্ষেত্রত আপুনি যদি মোৰ ভোটৰ ব্যৱধানটো লক্ষ্য কৰে, তেনেহ’লে মোৰ আজিও জনপ্রিয়তা কমা নাই৷ যোৱাটো নির্বাচনত এজিপি আৰু বিজেপি গোট খালে৷ আৰু সেই নির্বাচনত বিজেপিয়ে নামী–দামী নির্বাচনী প্রচাৰ চলালে য’ত অংশ লৈছিল দেশৰ প্রধানমন্ত্রীগৰাকীয়্৷ তদুপৰি সেই নির্বাচনী সভাবোৰত বিহপুৰীয়া বিধানসভা সমষ্টিবাসীক উন্নয়নৰ প্রতিশ্রুতি দিছিল৷ আৰু সেই আশাতেই বিহপুৰীয়াবাসীয়ে বিজেপিক ভোট দিছিল৷ অৱশেষত কিন্তু বিহপুৰীয়াবাসীয়ে গম পাইছে বিজেপিয়ে বিহপুৰীয়াক কিমান উন্নয়ন কৰিলে৷ আজি বিহপুৰীয়া সমষ্টিৰ লোকে খহনীয়াত দিশহাৰা হ’ব লগা হৈছে৷ এনে সময়ত কিন্তু চৰকাৰী পক্ষই খহনীয়াগ্রস্তৰ কাষত নাই৷ সৌভাগ্যৰ কথা এই বিগত সময়ত কংগ্রেছ চৰকাৰৰ দিনত বিহপুৰীয়া সমষ্টিৰ খহনীয়াগ্রস্ত লোকসকলক নিৰাপত্তা প্রদানত গুৰুত্ব দিছিলোঁ৷ আগন্তুক সময়ত এইসকল লোকৰ কাষত সদায় মই থাকিম আৰু কংগ্রেছ দল থাকিব৷ সমষ্টিবাসীৰ বেয়া দিনতো মই দুখৰ সমভাগী হৈছেছা আৰু তেওঁলোকৰ কাষত আছোঁ৷

You might also like