নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ জানুৱাৰীৰ পৰা ভাৰতত গণ টিকাকৰণঃ প্রথম পর্যায়ত তিনি কোটি স্বাস্থ্যকর্মী–ক’ভিড যোদ্ধাক দিয়া হ’ব ভেকচিন

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ অৱশেষত আহিল বহুপ্রতীক্ষিত ক্ষণটি৷ প্রায় বছৰজোৰা ক’ভিড–১৯ক লৈ শংকিত দেশবাসীক সকাহ দি মহামাৰী ভাইৰাছটোৰ গণ টিকাকৰণৰ দিন ঘোষণা কৰিলে কেন্দ্রীয় চৰকাৰে৷ গণ টিকাকৰণক লৈ উৎকণ্ঠিত দেশবাসীৰ বাবে শুভক্ষণটি আৰম্ভ হ’ব ১৬ জানুৱাৰীত৷ দেশব্যাপী উদযাপন হ’বলগীয়া উৎসৱ লহৰী, মকৰ সংক্রান্তি, পংগল, মাঘ বিহুৰ পৰাই দেশজুৰি গণ টিকাকৰণ আৰম্ভ হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত শীর্ষ পর্যায়ৰ বৈঠকৰ অন্তত প্রকাশ কৰা বিবৃতিত ১৬ জানুৱাৰীৰ পৰা গণ টিকাকৰণ আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে৷ সম্পূর্ণ বিনামূলীয়াকৈ প্রদান কৰিবলগীয়া গণ টিকাকৰণ অভিযানত প্রথম পর্যায়ত ১ কোটি স্বাস্থ্যকর্মী আৰু ২ কোটি ক’ভিড–১৯ অগ্রণী যোদ্ধাক প্রাধান্য দিয়াৰ পাছত পৰৱর্তী ৫০ ঊর্ধ্বৰ আৰু ৫০ৰ অনূর্ধ্বৰ বহু ৰোগত আক্রান্ত প্রায় ২৭ কোটিসহ ৩০ কোটিক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্রদান কৰা হ’ব৷

দেশজুৰি এই ক’ভিড–১৯ ভেকচিন প্রদান অভিযান সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে ৬১ হাজাৰৰো অধিক প্রগ্রেম মেনেজাৰ, ২ লাখ ভেকচিন প্রদানকাৰী আৰু ৩.৭ লাখ ভেকচিন প্রদানৰ বাবে কর্মীক প্রশিক্ষণ দিয়া হৈছে৷ দেশৰ প্রতিখন ৰাজ্যৰ প্রতিখন জিলাৰ ব্লক পর্যায়ত এই কর্মীসকলক প্রশিক্ষণ দি গণ টিকাকৰণৰ বাবে সাজু কৰি লোৱা লৈছে৷ কেন্দ্রীয় চৰকাৰে গণ টিকাকৰণৰ দিন ঘোষণা কৰাৰ পাছতে শংকিত দেশবাসী ক’ভিড প্রতিৰোধী ভেকচিন ল’বলৈ সাজু হ’বৰ হ’ল৷ উল্লেখ্য যে যোৱা ৩ জানুৱাৰীত ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডি চি জি আই) জৰুৰীকালীনভাৱে এষ্ট্রাজেনেকা–অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত ভাৰতৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই দেশত পৰীক্ষণ আৰু উৎপাদন কৰা ক’ভিড ভেকচিন ‘ক’ভিশ্বিল্ড’ আৰু ভাৰত বায়’টেকৰ দ্বাৰা বিকশিত দেশৰ প্রথমটো ক’ভিড–১৯ ভেকচিন ক’ভাক্সিন প্রয়োগত অনুমতি প্রদান কৰাৰ পাঁচ দিনৰ মূৰকত আজি গণ টিকাকৰণৰ দিন নির্ধাৰিত কৰিলে চৰকাৰে৷ তাৎপর্যপূর্ণ যে কালি দেশজুৰি ৩৩খন ৰাজ্য/কেন্দ্রীয়শাসিত অঞ্চলৰ ৬১৫ জিলাৰ ৪,৮৯৫ স্থানত ক’ভিড ভেকচিনৰ ড্রাইৰান কৰাৰ পাছত আজি সন্ধিয়া প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত শীর্ষ পর্যায়ৰ বৈঠকত গণ টিকাকৰণৰ নির্ধাৰিত দিনটোৰ সিদ্ধান্ত গ্রহণ কৰে৷ প্রধামন্ত্রীৰে শীর্ষ বৈঠকত কেবিনেট সচিব, প্রধানমন্ত্রীৰ প্রধান সচিব, স্বাস্থ্য সচিবকে ধৰি বিভিন্ন শীর্ষ বিষয়া উপস্থিত থাকে৷

চৰকাৰে প্রকাশ কৰা বিবৃতিত ভেকচিন কিদৰে প্রদান কৰা হ’ব, সেই সন্দর্ভত ইতিমধ্যে কেন্দ্রীয় চৰকাৰে নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ৷ কালি চৰকাৰে ক’ভিড–১৯ ভেকচিন প্রদানৰ বাবে কোউইন এপ ছর্ট ফৰ ক’ভিড ভেকচিন ইণ্টেলিজেন্স নেটৱর্ক আৰু ইয়াৰ ইক’ ছিষ্টেম ঘোষণা কৰিছে৷ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ গণ টিকাকৰণ ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ পূর্বে ক’ভিড ভেকচিন গ্রহণ কৰিবলগীয়া হিতাধিকাৰীসকলেCowin (কোউইন) এপ ব্যৱহাৰ কৰিব লাগিব৷ এই কোউইন এপত হিতাধিকাৰীয়ে নিজৰ পৰিচয়, প্রকৃত হিচাপে চিনাক্ত কৰিবলৈ আধাৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব৷ ইয়াৰ পাছতে হিতাধিকাৰীৰ ম’বাইললৈ এপটোৰ পৰা এছ এম এছ আহিব৷ এই এছ এম এছ অতি কমেও ১২টা ভাৰতীয় ভাষাত উপলব্ধ হ’ব৷ এপটোত টিকাকৰণৰ তাৰিখ আৰু সময় সন্দর্ভত বিতং উল্লেখ থাকিব৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে টিকাকৰণৰ বাবে এপটো ঘোষণা কৰিছে যদিও এতিয়ালৈকে আনুষ্ঠানিকভাৱে মুকলি কৰা নাই৷ হিতাধিকাৰীয়ে এপটোত নিজৰ নাম তিনিটা পদ্ধতিৰে পঞ্জীয়ন কৰিব পাৰিব৷ প্রথমটো নিজেই পঞ্জীয়ন কৰিব পাৰিব৷ দ্বিতীয়টো কোনো ব্যক্তিয়ে পঞ্জীয়ন কৰিব চৰকাৰী কর্মচাৰীৰ সহায়ত আৰু আনটো বাল্ক আপলোডৰ জৰিয়তে কৰা হ’ব৷ তাৎপর্যপূর্ণ যে এই সন্দর্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে এই প্রক্রিয়াটোৰ বিষয়ে সদৰী কৰা নাই৷ আনপিনে চৰকাৰে ভেকচিন প্রদানৰ বাবে পঞ্জীয়ন কৰাৰ ক্ষেত্রত শিবিৰ স্থাপন কৰিব পাৰে, য’ত গৈ কোনো লোকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷

মন কৰিবলগীয়া যে ২০১৯ বর্ষৰ নৱেম্বৰত চীনৰ ৱুহানত প্রাদুর্ভাৱ ঘটা মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত প্রথমজন লোক চিনাক্ত হয় ২০২০ বর্ষৰ ৩০ জানুৱাৰীত৷ ফেব্রুৱাৰী মাহত ক’ভিড–১৯ৰ সংক্রমণ কিছু বৃদ্ধি পাবলৈ ধৰে আৰু মার্চত এই সংক্রমণৰ মাত্রা বৃদ্ধি পায়৷ ক’ভিড–১৯ৰ শৃংখল ৰোধ কৰাৰ বাবে ২৩ মার্চত দেশত সম্পূর্ণ লকডাউন ঘোষণা কৰা হয়৷ পৰৱর্তী এই লকডাউন পর্যায়ক্রমে হ্রাস কৰি আনলক প্রক্রিয়া আৰম্ভ হয়৷ লকডাউনৰ সময়ছোৱাতকৈ আনলকত ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে৷ বিশ্বৰ সর্বাধিক আক্রান্তৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্রৰ তলতে দ্বিতীয় স্থানত থাকে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰা অনুসৰি ছয় জানুৱাৰীলৈকে দেশত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা ১ কোটিৰো অধিক হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ডেৰ লক্ষাধিক৷

মন কৰিবলগীয়া যে দেশত আক্রান্তৰ সংখ্যা ১ কোটিতকৈও অধিক হ’লেও মৃতকৰ হাৰ বিশ্বৰ সকলো দেশতকৈ সর্বনিম্ন৷ দেশত মৃতকৰ হাৰ ২.৪১ শতাংশ৷ আনপিনে, ১৬ জানুৱাৰীৰ পৰা গণ টিকাকৰণ আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটত কয়– ১৬ জানুৱাৰীত ক’ভিড–১৯ যুঁজৰ বিৰুদ্ধে ভাৰতে এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিব৷ সেই দিনাৰ পৰাই দেশজুৰি টিকাকৰণ আৰম্ভ হ’ব৷ দেশৰ সাহসী চিকিৎসক, স্বাস্থ্যসেৱাৰ কর্মী, চাফাই কর্মীকে ধৰি অগ্রণী কর্মীক প্রাধান্য দিয়া হ’ব৷

You might also like