নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখৰ চুছুল ছেক্টৰত চীনা সৈন্যক কৰায়ত্ত

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ লাডাখৰ এল এ চিত চীন–ভাৰতৰ সেনাই যুদ্ধংদেহি মনোভাব লৈ থকাৰ সময়তে ভাৰত ভূমিত প্রৱেশ কৰা এজন চীনা সেনাক কৰায়ত্ত কৰে ভাৰতীয় সেনাই৷ লাডাখৰ পূব প্রান্তৰ চুছুল ছেক্টৰৰ ভাৰত ভূমিত শুকুৰবাৰে চীনৰ পি এল এৰ জোৱান এজনক কৰায়ত্ত কৰাৰ পাছত সন্দেহজনক জোৱানজনক লৈ অনুসন্ধান চলাই আছে ভাৰতীয় সেনাই৷ সেনাৰ শীর্ষ সূত্রই প্রকাশ কৰা মতে, ৮ জানুৱাৰীৰ নিচেই পুৱা লাডাখৰ এল এ চিৰ ভাৰত ভূমিত চীনৰ জোৱানজনক কৰায়ত্ত কৰা হৈছিল৷ জোৱানজনক পাংগং হ্রদৰ দক্ষিণ প্রান্তত ভাৰত ভূমিত প্রৱেশ কৰাৰ পাছতে সেনাই গ্রেপ্তাৰ কৰে৷

তাৎপর্যপূর্ণ যে এল এ চি অতিক্রম কৰি চীনা সেনাই আগ্রাসন চলাবলৈ বিগত কেইবামাহ ধৰি চেষ্টা চলাই থকাৰ সময়তে কালি পুৱা চীনৰ জোৱানজনে এল এ চি অতিক্রম কৰাটো সন্দেহজনক বুলি ভাৰতীয় সেনাই প্রকাশ কৰিছে৷ ইতিমধ্যে ধৃত চীনৰ সেনাজনক শীর্ষ সেনা বিষয়াই সোধা–পোছা কৰি আছে৷ আন এক তথ্য মতে, অসাৱধানৱশতঃ চীনৰ সেনা জোৱানজন এল এ চি অতিক্রম কৰি ভাৰত ভূমিত প্রৱেশ কৰিছে৷ সেনাই অনুসন্ধানৰ অন্তত যদি এই বিষয়টো বিশ্বাসযোগ্য হয়, শীঘ্রেই সেনা জোৱানজনক চীনৰ কর্তৃপক্ষৰ হাতত গতাই দিয়াৰ সম্ভাৱনা আছে৷

You might also like