নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমাওন বিশ্ববিদ্যালয়ৰ উপ-সভানেত্ৰী তথা ডাবল MA হন্সীয়ে ভিক্ষা বৃত্তিৰে চলাইছে জীৱন; কাহিনী শুনিলে কান্দিব আপুনিও…

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ এগৰাকী বিশেষ মহিলা। বিশেষ এইবাবেই যে তেওঁ এখন প্ৰখ্যাত বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰি দুটাকৈ স্নাতকোত্তৰ ডিগ্ৰী লৈ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী পদতো অধিষ্ঠিত আছিল। কিন্তু হঠাৎ কি হ’ল এইগৰাকী প্ৰতিভাৱান তথা মেধাৱী শিক্ষাৰ্থীৰ! যাৰ বাবে তেওঁ বাচি ল’বলগীয়া হ’ল ভিক্ষাৰ দৰে বৃত্তি!

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতত প্ৰকাশিত খবৰ অনুসৰি, এসময়ৰ এগৰাকী মেধাৱী ছাত্ৰী, ৰাজনীতি আৰু ইংৰাজীৰ দৰে বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতো আজিৰ দিনটোত তেওঁ হৰিদ্বাৰ চহৰৰ বিভিন্ন বাছ-আস্থান, ৰাস্তা-ঘাট, ৰে’লৱে ষ্টেচনত ভিক্ষা মাগি জীৱন পাৰ কৰিছে ৷

ইংৰাজী বিষয়ত MA ৰ অন্তিম বৰ্ষৰ এখন মাৰ্কচিট

উল্লেখ্য যে উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ সোমেশ্বৰ বিধানসভা সমষ্টিৰ ৰণখিলা গাঁৱতেই ৫ গৰাকীকৈ ভাই-ভনীৰ সৈতে ডাঙৰ-দীঘল হৈছিল পৰিয়ালৰ জ্যেষ্ঠ সন্তান হন্সীয়ে ৷ পৰিয়ালৰ জ্যেষ্ঠ হিচাপে পঢ়া-শুনাৰ লগতে সকলো কাম সফলতাৰে সম্পন্ন কৰিছিল। প্ৰথমাৱস্থাত নিজ গাঁৱতেই প্ৰাথমিক শিক্ষাগ্ৰহণ কৰি পৰৱৰ্তী সময়ত কুমাওন বিশ্ববিদ্যালয়ত নিজৰ উচ্চ-শিক্ষা গ্ৰহণ কৰাৰ লগতে সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত হৈছিল ৷ তেওঁৰ নাম চৰ্চালৈ আহিছিল যেতিয়া তেওঁ ১৯৯৮-৯৯ বৰ্ষত কুমাওন বিশ্ববিদ্যালয়ৰ উপ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল ৷ কিন্তু ২০১১ চনৰ পিচত হন্সীৰ জীৱন একেবাৰে সলনি হৈ পৰে। নিজৰ শাৰিৰীক অৱস্থাৰ বাবেই কোনো চাকৰি কৰাৰ পৰা বিৰত থাকি ভিক্ষা বৃত্তিত নামি পৰে হন্সী ৷ বৰ্তমান হৰিদ্বাৰত নিজৰ ৬ বছৰীয়া সন্তানৰ সৈতে ভিক্ষা মাগি জীৱন প্ৰৱৰ্তাইছে হন্সী প্ৰহৰীয়ে ৷

ইপিনে নিজৰ অৱস্থাক লৈ তেওঁ বহুবাৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰক জনাইছে যদিও আজিলৈকে তেওঁ কোনো সুফল পোৱা নাই ৷ তেওঁ জনোৱা মতে, যদিহে চৰকাৰে তেওঁক সহায় কৰে তেন্তে তেওঁৰ সন্তানৰ লগতে তেওঁ এক ভাল জীৱন যাপন কৰিব পাৰিব ৷

You might also like