নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমকুম ভাগ্যৰ অভিনেত্ৰী জাৰিণা ৰোশন খানৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ হিন্দী ছিৰিয়েলৰ বিখ্যাত অভিনেত্ৰী জাৰিণা ৰোশন খানৰ আজি হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। অভিনেত্ৰীগৰাকী ‘ইয়ে ৰিস্তা ক্যা কেহলাতা হ্যে’ আৰু ‘কুমকুম ভাগ্য’ৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি অতি জনপ্ৰিয়তা অৰ্জন কৰিছল।

কাৰ্ডিয়াক এৰেষ্টৰ বাবে মৃত্যুমুখত পৰা জাৰিণা ৰোশন খানৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৪ বছৰ। অতি জনপ্ৰিয় ছিৰিয়েল কুমকুম ভাগ্যত তেওঁ ইণ্ডু দাছিৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। জাৰিণা ৰোশন খানৰ মৃত্যুৰ বাতৰিৰ পিছতে কুমকুম ভাগ্যৰ মুখ্য অভিনেতা শ্ববিৰ আহলাৱলিয়া, শ্ৰিটি ঝাকে ধৰি কেইবাগৰাকীও অভিনয় জগতৰ তাৰকাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

১৯৬৬ চনত মুম্বাইত জন্মগ্ৰহণ কৰা জাৰিণা ৰোশন খানে ছিৰিয়েলৰ লগতে বহুেকইখন ছবিতো অভিনয় কৰিছিল। তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে শোকাকুল কৰিছে সকলোকে।

You might also like