নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মহকুমা প্ৰশাসনৰ দিনজোৰা কাৰ্যসূচীৰে ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰী: সমগ্র দেশৰ লগতে জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কার্যসূচীৰে ৭২ সংখ্যক গণৰাজ্য দিৱস স্থানীয় জোনাইৰ গান্ধীময়দানত পালন কৰা হয়। অনুষ্ঠানত জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্রহন কৰে। বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয় ২০ টাকৈ দলৰ লগতে অসম পুলিচৰ এটা দলে কুচকাৱাজ অংশ লয়৷ ইয়াৰ লগতে কেবাটাও দলে দেশ প্ৰেম মূলক সাংস্কৃতি কাৰ্য্যসুচী প্ৰদৰ্শন কৰে৷

ইফালে পুৱা ৭.৩০ বজাত জোনাইস্থিত লাচিত নগৰ বহ্নিমান সংঘৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। বহ্নিমান সংঘৰ প্ৰাংগণত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচী ত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পনৰ লগতে বন্তি প্ৰজ্বলন কৰে লাচিত নগৰৰ বয়োজেষ্ঠ ব্যক্তি সৰ্বশ্ৰী চৈতন্য শইকীয়া আৰু ধৰ্মকান্ত গগৈয়ে। জাতীয় পতাকা উত্তোলন কৰে লাচিত নগৰ বহ্নিমান সংঘৰ সভাপতি আদিত্য বৰুৱাই।

জোনাইত বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস পালনৰ সমান্তৰালকৈ জোনাই বজাৰ দোকানীসন্থাৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে৷ জোনাই মহকুমা চিকিৎসা বিষয়া ডা৹ কিশোৰ কামানে ৷লগতে জোনাইৰ বিভিন্ন স্থানত নিজ নিজ বাজগৃহ,  চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান ব্যৱসায় প্ৰতিষ্ঠান আৰু অন্যান্য ৰাজহুৱা স্থানত জাতীয় পতাকা উত্তোলন কৰে।

You might also like