নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্র গর্ভত পাৰমাণৱিক হুংকাৰ দি ‘হায়েলি ২’ ড্রোনৰ পৰীক্ষা উত্তৰ কোৰিয়াৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্রিল: ‘হায়েলি ১’ৰ পাছত এইবাৰ ‘হায়েলি ২’ৰ পৰীক্ষা চলাব উত্তৰ কোৰিয়াই৷ পুনৰ পৰমাণু অস্ত্রবহনত সক্ষম আক্রমণকাৰী ড্রোনৰ পৰীক্ষা চলালে কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনে৷ সমুদ্রৰ তলেৰে আক্রমণ চলাবলৈ সক্ষম হ’ব এই ড্রোনে৷ আজি এই ড্রোনৰ পৰীক্ষা চলাই শক্তি প্রদর্শনৰ চেষ্টা চলালে দেশখনৰ শীর্ষ নেতা কিম জং–উনে৷ ইয়াৰ পূর্বেই ‘হায়েলি ১’ ড্রোনৰ সফল পৰীক্ষা চলাইছিল কিমৰ দেশে৷ মাত্র এসপ্তাহৰ ভিতৰতে ‘হায়েলি ২’ ড্রোনৰ পৰীক্ষা চলালে দেশখনে৷ উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএই দাবী কৰা অনুসৰি যোৱা ৪ৰ পৰা ৭ এপ্রিলত এই পৰীক্ষা চলোৱা হৈছে৷ উত্তৰ কোৰিয়াৰ ‘হায়েলি’ শব্দৰ অর্থ হৈছে ছুনামি৷ কেচিএনএৰ প্রতিবেদন অনুসৰি সমুদ্রৰ তলত আক্রমণ চলোৱাৰ ক্ষেত্রত নিজৰ শক্তি বৃদ্ধিৰ চেষ্টা চলাইছে উত্তৰ কোৰিয়াই৷ এইক্ষেত্রত দেশখন সফল হোৱা বুলিও প্রতিবেদনত দাবী কৰা হৈছে৷ প্রতিবেদন অনুসৰি ‘হায়েলি ২’ ড্রোনৰ ৰেঞ্জ পূর্বৰ ড্রোনতকৈ বৃদ্ধি কৰা হৈছে৷ ৭১ ঘণ্টা ৬ মিনিটত এহেজাৰ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যবস্তুত আঘাত কৰিবলৈ সক্ষম হ’ব এই ড্রোনে৷ ইফালে এই ড্রোনৰ পৰীক্ষাৰ ছবিও প্রকাশ কৰিছে উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমে৷ সামুদ্রিক ড্রোনৰ পৰীক্ষাৰ পাছতে উত্তৰ কোৰিয়াই এনে ড্রোন ইতিমধ্যে মোতায়েন কৰিছে নেকি, তাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে কৌতূহল৷ কেচিএনএৰ প্রতিবেদনত দাবী কৰা অনুসৰি উত্তৰ কোৰিয়াৰ বিৰুদ্ধে যিকোনো ধৰণৰ আক্রমণৰ চেষ্টা কৰা হ’লে তাক প্রতিৰোধ কৰা হ’ব৷ ইয়াৰেই প্রস্তুতি চলাইছে দেশখনে৷

You might also like