নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় চৰকাৰৰ পাঠ্যক্রম কমিটীৰ খচৰা প্রস্তাৱঃ দ্বিতীয় শ্রেণীলৈ নাথাকিব পাৰে লিখিত পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৯ এপ্রিল: দ্বিতীয় শ্রেণীপর্যন্ত লিখিত পৰীক্ষাত বহিবলগীয়া নহ’ব শিক্ষার্থীসকল৷ ২০২০ চনত ৰাষ্ট্রীয় শিক্ষানীতি অনুসৰণ কৰি প্রস্তুত কৰা ৰাষ্ট্রীয় পাঠ্যক্রম পৰিগাঁথনি (নেচনেল কাৰিকুলাম ফ্রেমৱর্ক বা এনচিএফ)ৰ পৰিগাঁথনিৰ প্রস্তাৱ অনুসৰি প্রাথমিক স্তৰৰ শিক্ষাত এইবাৰ নতুন পদ্ধতি আনিব বিচাৰিছে মোদী চৰকাৰে৷ এনচিএফৰ নতুন খচৰাত উল্লেখ কৰা হৈছে যে নতুন পদ্ধতি অনুসৰি তৃতীয় শ্রেণীৰ পৰা লিখিত পৰীক্ষাৰ মুখামুখি হ’ব লাগিব ছাত্র–ছাত্রীসকল৷ এই খচৰা অনুসৰি পাঠ্যক্রম আৰু মূল্যায়ন পদ্ধতি এনে হোৱা উচিত, যাতে শিশু শিক্ষার্থীসকলৰ ওপৰত কোনোধৰণৰ চাপ নপৰে৷ কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ এক সূত্রই সদৰী কৰা অনুসৰি ২০২২ চনত ৰাষ্ট্রীয় আৰু ৰাজ্য স্তৰত এই সম্পর্কত সমীক্ষা চলোৱা হৈছিল৷ এই সমীক্ষাৰ ফল পর্যালোচনা কৰিয়েই এনে পদক্ষেপ গ্রহণৰ প্রস্তাৱ আগবঢ়াইছে এনচিএফে৷ এনচিএফৰ নতুন খচৰাত দ্বিতীয় শ্রেণীপর্যন্ত লিখিত পৰীক্ষাৰ বিপৰীতে বিকল্প মূল্যায়ন পদ্ধতিৰ কথা উল্লেখ কৰা হৈছে৷ এনচিএফে শিশুৰ পর্যবেক্ষণ আৰু তেওঁলোকৰ শিকাৰ অভিজ্ঞতাক বিশ্লেষণৰ ওপৰত গুৰুত্ব প্রদানৰ প্রস্তাৱ আগবঢ়াইছে৷

You might also like