নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেচনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ পদত পৰেশ ৰাৱল

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ বলীউডৰ খ্যাতিমান অভিনেতা পৰেশ ৰাৱলক নেচনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষৰ পদৰ বাবে মনেনীত কৰা হৈছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিনেতাগৰাকীক আজি ভাৰতৰ সৰ্বোচ্চ থিয়েটাৰ ইনষ্টিটিউটখনৰ অধ্যক্ষ ৰূপে নিযুক্ত কৰে।

উল্লেখ্য এন এছ ডিৰ এটা সময়ৰ ছাত্ৰ আছিল অভিনেতা পৰেশ ৰাৱল। ১৯৮৫ চনত অৰ্জুন ছবিখনৰ যোগেদি বলীউডত পদাৰ্পণ কৰা অভিনেতাগৰাকীয়ে আজিৰ তাৰিখলৈ দৰ্শকক মনোৰঞ্জনৰ খোৰাক জগাই আহিছে।

প্ৰথমাৱস্থাত খলনায়কৰ ৰূপত অভিনয় কৰা পৰেশ ৰাৱলে পিছলৈ এগৰাকী জনপ্ৰিয় কৌতুক অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

You might also like