নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় জন্ম দিয়া হ’ল চিকিৎসকৰ বিৰুদ্ধে গোচৰ ব্রিটিছ তৰুণীৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ব্রিটেইনত এক নজিৰবিহীন গোচৰে বিশ্বৰ সংবাদ মাধ্যমত আলোড়ন সৃষ্টি কৰিছে৷ ২০ বছৰীয়া এভি ট’ম্বিছ নামৰ যুৱতীগৰাকীয়ে মাতৃৰ চিকিৎসকৰ বিৰুদ্ধে আদালতত বৃহৎ অংকৰ ধনৰ ক্ষতিপূৰণ দাবী কৰি গোচৰ তৰিছে৷ এভিৰ অভিযোগ হৈছে চিকিৎসকে মাতৃক সবিশেষ নজনোৱাকৈ প্রসৱৰ অনুমতি দিছিল৷ যাৰ বাবে এভিৰ জীৱনটো হৈ পৰিছে বিকলাংগ৷ ‘দ্য ছান’ৰ প্রতিবেদন অনুসৰি শাৰীৰিক দুর্বলতাক লৈ জন্ম হৈছিল এভিৰ৷ জন্মৰ পৰাই স্পাইনা বিফিদা নামৰ এক জটিল ৰোগত আক্রান্ত এই তৰুণী৷ মেৰুদণ্ডৰ এই অসুখৰ বাবে কেতিয়াবা ২৪ ঘণ্টা টিউবৰ সাহায্যত চলিব লগা হ’ল এভিয়ে৷ চিকিৎসক ফিলিপ মিচেলে এভিৰ জন্মৰ পূর্বে মাতৃক সঠিক পৰামর্শ প্রদান কৰা নাছিল৷ ফলিক এচিডযুক্ত খাদ্য গ্রহণৰ বাবে মাতৃক অনুমতি দিয়া হ’লে এভি এই জটিল ৰোগত আক্রান্ত নহ’লহেঁতেন৷ গতিকে ক্ষতিপূৰণ দাবী কৰি চিকিৎসকৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ৷ লক্ষণীয়ভাৱে লণ্ডন উচ্চ ন্যায়ালয়ে চিকিৎসক ফিলিপক বিপুল অংকৰ ধনৰাশি ক্ষতিপূৰণ হিচাপে আদায় দিবলৈ নির্দেশ দিছে৷

You might also like