নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ ৪ নহয়, ৪০ লাখ ট্ৰেক্টৰ লৈ সংসদলৈ যাব কৃষক নেতা ৰাকেশ টিকেত

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ কৃষক নেতা ৰাকেশ টিকেতে পুনৰ তিনি কৃষি আইন বাতিলক লৈ কেন্দ্ৰক সতৰ্কবাণী শুনালে আজি। দিল্লী সীমান্তত প্ৰতিবাদৰত কৃষক নেতাজনে ৪০ লাখ ট্ৰেক্টৰ লৈ সংসদলৈ যোৱাৰ সকীয়নি দিয়ে কেন্দ্ৰক।

ৰাজস্থানৰ চিকাৰ অঞ্চলৰ এক কৃষক সভাত টিকেতে কয়, “আমাৰ পৰৱৰ্তী কাৰ্যসূচী হ’ব সংসদ যাত্ৰা। যদি কৃষি আইন বাতিল কৰা নহয়, এইবাৰ ৪০ লাখ ট্ৰেক্টৰ ল’ম, ৪ লাখ ট্ৰেক্টৰ নহয়।’

উল্লেখ্য,কৃষি আইন বাতিল প্ৰসংগত ৰাকেশ টিকেতে যোৱা ১৮ ফেব্ৰুৱাৰীত পশ্চিম বংগলৈ ট্ৰেক্টৰ সমদল উলিওৱাৰ কথা কৈছিল আৰু ইয়াৰ পিছতো এই বিষয়টোক লৈ আলোচনা হৈ থকাৰ কথা জানিবলৈ দিছিল।

উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ লগত ইতিমধ্যে ১১ বাৰ আলোচনাত বহিছে কৃষক নেতাসকলে। আন্দোলন প্ৰসংগত কৃষক নেতা ৰাকেশ টিকেতে পূৰ্বেও সতৰ্কবাণী শুনাই কৈছিল- ‘২ অক্টোবৰলৈকে সময়। যদি আইন প্ৰত্যাহাৰ কৰা নহয়, তেন্তে কৃষকসকলে আন পথ বাছি ল’ব।’

You might also like