নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ীসহ ছিটিকি পৰিল কিংবদন্তি খেলুৱৈ টাইগাৰ উডছঃ আঘাত গুৰুতৰ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ কিংবদন্তি গ’ল্ফ খেলুৱৈ টাইগাৰ উডছ গুৰুতৰ গাড়ী দুৰ্ঘটনাত পতিত হয়। লছ এঞ্জেলছত হোৱা এই দুৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

কথমপি প্ৰাণৰক্ষা পৰা গ’ল্ফ খেলুৱৈগৰাকীক লগে লগে ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, উডছে ভৰিৰ কেইবাঠাইতো গুৰুতৰ আঘাত পাইছে।

সংবাদ সংস্থা এএনআইৰ মতে, টাইগাৰ উডছৰ গাড়ীখন স্থানীয় সময় মতে মঙলবাৰে পুৱা প্ৰায় ৭.১২ বজাত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাত যোৱাৰ সময়ত উডছে নিজেই গাড়ী চলাই আছিল। গাড়ীখনৰ গতিও বেছি আছিল। গাড়ীখনে ডিভাইডাৰত খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয়।

আন এক প্ৰতিবেদন মতে, তাৰকাগৰাকীৰ এয়াৰবেগৰ বাবে জীৱন ৰক্ষা পৰে। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ আগফালটো প্ৰায় বিধ্বস্ত হৈ পৰে।

উল্লেখ্য, টাইগাৰ উডছক এইবছৰত ৱৰ্ল্ড গল্ফ হল অফ ফ্ৰেমছত অন্তৰ্ভুক্ত কৰা হ’ব। এতিয়ালৈকে তেওঁ ১৫খন সন্মানীয় পেছাদাৰী গল্ফ প্ৰতিযোগিতা জিকিছে।

You might also like