নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ ৩০ মিনিট পলমকৈ আৰম্ভ হ’ব গণতন্ত্ৰ দিৱসৰ পেৰেড

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ ভাৰতে ২৬ জানুৱাৰীত ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিব। গণতন্ত্ৰ দিৱস গণতন্ত্ৰৰ ওপৰত আধাৰিত আমাৰ গণৰাজ্যৰ উচ্চ আদৰ্শক স্মৰণ কৰাৰ সময়৷ এই দিৱস দেশৰ সকলো নাগৰিকৰ বাবে স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰ প্ৰতি নিজৰ আস্থা প্ৰকাশ কৰাৰ সময়৷ তাতোকৈ অধিক, আমাৰ গণতন্ত্ৰ দিৱস আমি সকলো ভাৰতীয় হোৱাৰ গৌৰৱ অনুভৱ কৰাৰো সময়৷ কিন্তু এইবাৰ গণতন্ত্ৰ দিৱস পূৰ্বৰ সময়সূচীতকৈ ৩০ মিনিট পলমকৈ আৰম্ভ হ’ব৷ স্বাধীনতাৰ ৭৫ বছৰত এয়া প্ৰথমবাৰলৈ এনে হ’ব য’ত নিৰ্ধাৰিত সময়তকৈ আধা ঘণ্টা পলমকৈ আৰম্ভ হ’ব গণতন্ত্ৰ দিৱসৰ পেৰেড। কভিড প্ৰ’টকল আৰু জম্মু-কাশ্মীৰত শ্বহীদ হোৱা জোৱানসকলৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৩০ মিনিট পিছত আৰম্ভ হ’ব গণৰাজ্য দিৱসৰ পেৰেড৷

এই পেৰেডখন মুঠ ৯০ মিনিটৰ হয়। প্ৰতি বছৰে ২৬ জানুৱাৰীত, ই ৰাজপথত ঠিক ১০ বজাত আৰম্ভ হয়। কিন্তু এইবাৰ পেৰেড পুৱা থিক ১০:৩০ বজাত আৰম্ভ হ’ব। এই পেৰেড ৰাইচিনা হিলৰ পৰা আৰম্ভ হৈ ৰাজপথেদি ইণ্ডিয়া গেট হৈ লালকিল্লাত সমাপ্ত হয়।

৩০০ চি চি টিভি কেমেৰাৰে ৰখা হ’ব চোকা নজৰ

ৰাষ্ট্ৰীয় ৰাজধানীত গণতন্ত্ৰ দিৱসৰ পূৰ্বে দিল্লী আৰক্ষীয়ে ৰাজপথ আৰু ইয়াৰ দাতিকাষৰীয়া স্থানসমূহত নিৰাপত্তা বৃদ্ধি কৰিছে। লগতে প্ৰায় ৩০০ টা চিচিটিভি কেমেৰা বিভিন্ন স্থানত স্থাপন কৰা হৈছে আৰু মুখমণ্ডল চিনাক্তকৰণ প্ৰণালীও স্থাপন কৰা হৈছে। এই প্ৰণালীটোত ৫০,০০০ সন্দেহযুক্ত অপৰাধীৰ ডাটাবেচ আছে। ইফালে ক’ভিড-19 সম্পৰ্কীয় নিষেধাজ্ঞাৰ বাবে মুঠ ২৪ হাজাৰ লোকক এইবাৰৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছে।

You might also like