নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৫ টকালৈ বৃদ্ধি হ’ব পাৰে ৰে’ল টিকটৰ অতিৰিক্ত মূল্য

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ আগন্তুক দিনত ৰে’ল টিকটৰ মূল্য ৩৫ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পি টি আইৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে এই তথ্য।

বাতৰি সংস্থাটোৱে সদৰী কৰা মতে, ৰে’ল ষ্টেচনৰ পুনৰ বিকাশৰ বাবে ৰে’লযাত্ৰীয়ে ১০ৰ পৰা ৩৫ টকালৈ অতিৰিক্ত মূল্য ভৰিব লগা হ’ব পাৰে। ৰে’লৱে বিভাগে এতিয়া এই এই প্ৰস্তাৱ কেবিনেটলৈ মঞ্জুৰীৰ বাবে পঠিয়াবলৈ বাকী আছে।

তথ্য মতে, ৰে’ল কৰ্তৃপক্ষই এই মূল্য ব্যৱহাৰকাৰী মূল্য হিচাপে গ্ৰহণ কৰিব। দৰাচলতে ব্যৱহাৰকাৰী মূল্য সুবিধাৰ পৰিৱৰ্তে গ্ৰহণ কৰা হয়। সাধাৰণতে বিমান বন্দৰত এনে মূল্য নিৰ্ধাৰণ কৰা হয়। বিমানৰ টকটৰ মূল্যৰ লগতে এয়া সংযোগ হৈ থাকে।

আনহাতে ৰে’ল কৰ্তৃপক্ষই আৰোপ কৰিব লগা ব্যৱহাৰকাৰী মূল্য পুনৰ বিকাশ কৰিব লগা ৰে’ল ষ্টেচনবোৰতহে লোৱা হব, য’ত সাধাৰণতে যাত্ৰীৰ সংখ্যা অধিক হয়।

You might also like