নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০ত ভাৰতত প্রতিদিনে ৩১ কিশোৰ–কিশোৰীৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ বিগত বর্ষটোত দেশত প্রতিদিনে ৩১জনকৈ নাবালকে আত্মহত্যা কৰিছিল৷ সংসদত চৰকাৰে এই তথ্য প্রকাশ কৰে৷ কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী অজয় কুমাৰ মিশ্রই আজি এক লিখিত প্রশ্ণৰ উত্তৰত কয় যে দেশত ২০২০ চনত ১১,৩৯৬ কিশোৰ–কিশোৰীয়ে আত্মহত্যা কৰিছিল৷ অর্থাৎ প্রতিদিনে গড়ে ৩১গৰাকী কিশোৰ–কিশোৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল ভাৰতত৷

You might also like