নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি কৃষি আইন প্ৰয়োগত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ, গঠন সমিতি… কৃষক নেতাৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ দেশত চলি থকা কৃষক আন্দোলনক লৈ আজি উচ্চতম ন্যায়ালয়ে দান কৰিলে গুৰুত্বপূৰ্ণ ৰায়। আজি ন্যায়ালয়ে তিনি কৃষি আইন প্ৰয়োগত প্ৰতিবন্ধ লগায়। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই প্ৰতিবন্ধকতা জাৰি থাকিব।

আনহাতে ন্যায়ালয়ে এই আইনৰ ওপৰত আলোচনা কৰাৰ বাবে এখন সমিতিও গঠন কৰিব। সমিতিত হৰসিমৰত মান, কৃষি অৰ্থনীতিবিদ অশোক গুলাটি, ডাঃ প্ৰমোদ কুমাৰ যোশী, অনিল ধনৱনৰ নাম ৰাখিব বুলি উল্লেখ কৰে।

এই বিষয়ত কৃষকৰ আশংকা যে যদি কৃষি আইনক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সমিতি গঠন হয়, তেন্তে তেওঁলোকৰ দাবী স্তিমিত হৈ পৰিব। যি কাৰণত তেওঁলোকে আজি ৪৮ দিন পথত প্ৰতিবাদ কৰি আছে, সেয়া পূৰ্ণ নহ’ব।

কিন্তু এইক্ষেত্ৰত ন্যায়ালয়ে যুক্তি আগবঢ়াই কয়- ‘যদি কৃষকে চৰকাৰৰ মুখামুখি হ’ব পাৰে, তেন্তে সমিতিৰ কিয় নোৱাৰে?, যদি তেওঁলোকে সমস্যাৰ সমাধান বিচাৰে, তেন্তে আমি কৃষকে সমিতি নিবিচৰাৰ কথা শুনিব নিবিচাৰোঁ।’

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে কৃষক নেতা ৰাকেশ টিকৈতে কয়- ‘যেতিয়ালৈকে আইন বাতিল নহ’ব, তেতিয়ালৈকে কৃষক ঘৰলৈ নাযায়।’

You might also like