নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ উপায়……

- ডাঃ অজিত কুমাৰ পটংগীয়া

মানুহে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ বাবে সহজে পোৱা শাক–পাচলি, ফলমূলৰে পৰিপুষ্টি থকা এটা আশ্চর্যকৰ ফলদায়ক মিশ্রণ ঘৰতে তৈয়াৰ কৰি পুৱাৰ আহাৰ খোৱাৰ কমেও ১ ঘণ্টা আগতে খাব পাৰে৷ এই মিশ্রণটোৱে মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ লগতে এনিমিয়া, মধুমেহ, উচ্চ ৰক্তচাপ, থাইৰয়েড, কিডনী, পেনক্রিয়াছ, হূদযন্ত্রৰ ব্লক খোলা আৰু ৰোগৰ উপশমতো বহুত ফলপ্রসূ৷
কেনেকৈ বনাবঃ
৫০০ এম এলৰ বাবে–
* ১ টেবল চামুচ নেমুৰ ৰস (কিডনীৰ ৰোগ থাকিলে নল’ব)৷
* ১/২ চামুচ সৈন্ধৱ লৱণ (কিডনীৰ ৰোগ থাকিলে সাধাৰণ আয়ডাইজ্দ লৱণ)৷
* ১/৪ চাহ চামুচ ডালচেনি পাউডাৰ৷
* ১/৪ চাহ চামুচ জালুক গুৰি৷
* ১/৪ চাহ চামুচ হালধি গুৰি বা বুঢ়া আঙুলিৰ জোখৰ কেঁচা হালধি৷
* ১ গিলাচ ঠাণ্ডাপানী (২৫০ মিলি)
* যিটো এটা মুখ্য সেউজীয়া শাক ১/২ কাপ৷
* যিকোনো দুটা সৰু সেউজীয়া শাক অলপমান৷
তলত দিয়া তালিকাৰ পৰা যিকোনো এটা ফলৰ ১/২ কাপ৷

টোকাঃ সকলো মুখ্য সেউজীয়া শাক, সৰু সেউজীয়া শাক আৰু ফলৰ তালিকা তলত দিয়া হৈছে৷
সকলো উপাদান ১/২ কাপ পানীৰে মিক্সিত ৰাখক আৰু উৎপন্ন হোৱা তাপে তাৰ গুণাগুণ হ্রাস নকৰিবলৈ প্রতি ১ মিনিট মন্থন কৰোঁতে ৩০ ছেকেণ্ডৰ বিৰতি লওক আৰু এইদৰে ৩ মিনিটৰ বাবে মন্থন কৰক৷ মিক্সি নাথাকিলে পটাতো লাহে লাহে পিচিব পাৰি, মাথোঁ চাফ–চিকুণতা বজাই ৰাখিব লাগে৷ ইয়াক এক মসৃণ মজলীয়া পাতল তৰলত মিহলি কৰক৷ ইয়াক ৫০০ মিলি কৰিবলৈ পৰিশোধিত পানী যোগ দিয়ক৷ ইয়াক লাহে লাহে ৰৈ ৰৈ পান কৰক৷ ই সঁচাকৈয়ে সুস্বাদু, স্বাস্থ্যকৰ আৰু সতেজ৷

মুখ্য সেউজীয়াৰ তালিকাঃ
নিম্নলিখিত যিকোনো পাতৰ ১ বিধ ১/২ কাপ কেৱল কোমল কাণ্ডেৰে কটা–
* মৰিছা শাক– সেউজীয়া বা ৰঙা
* ভটুৱা শাক
* মূলাৰ পাত
* বীটৰ পাত
* লেটুচ
* পালেং শাক (সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব লাগিব আৰু কিডনী, হাইপ’থাইৰয়েড আৰু ইউৰিক এচিড ৰোগীয়ে এৰাই চলিব)
* বা যিকোনো স্থানীয়ভাৱে উপলব্ধ খাব পৰা সেউজীয়া শাক৷

সৰু সেউজীয়া শাকৰ তালিকাঃ
নিম্নলিখিত যিকোনো দুটাৰ ১০–২০টা পাত–
* নৰসিংহ পাত
* পদিনাৰ পাত
* ধনীয়াৰ পাত
* তুলসীৰ পাত
* পাণৰ পাত
* বা আন যিকোনো ভালদৰে জনা–শুনা বনৌষধি যোগ দিব পাৰে
ফলৰ তালিকা (ফল বাধ্যতামূলক নহয়)
* আপেল
* মধুৰিআম
* নাচপতি
* ড্রেগন ফল
* কিৱি
* বেৰী
বিয়লি বিভিন্ন ধৰণৰ ড্রাই ফ্রুটছৰ ২–৩ বিধৰ লগতে পৰিপুষ্টিৰে ভৰি থকা সুৰুযমুখী ফুল, তিয়ঁহ বা ৰঙালাউ আদিৰ খাব পৰা গুটি পানীৰ লগত খাব পাৰি, যি ৰাতি আহাৰ হজম হোৱাৰ পাছত দেহটোৰ ক্ষয়–ক্ষতিবোৰ মেৰামতি কৰাত ব্যৱহূত হয়৷
ৰাতিৰ আহাৰ সন্ধিয়া ৭–৮ বজাৰ ভিতৰত খালে ভাল, কিয়নো ৰাতিৰ আহাৰ হজম হওঁতে লগা ৪ ঘণ্টাৰ পৰৱর্তী সময় ৰাতি ১১–১২ বজাত দেহৰ মেৰামতিৰ কাম আৰম্ভ হৈ পুৱাৰ আহাৰ নোখোৱাৰ আগলৈকে (৮–৯ বজা) চলি থাকে৷
দেহটোত জমা হৈ থকা বিষাক্ত পদার্থ ওলাই যাবলৈ মাহেকত এবাৰ পানী বা জুচৰে উপবাস পালিব লাগে৷ নহ’লে ৰাতিৰ আহাৰ সোনকালে (৬ বজাত) খাই পুৱাৰ আহাৰ অলপ দেৰিকৈ (১১ বজাত) খাব লাগে৷ উপবাসৰ পিছত সহজে হজম কৰিব পৰা সিদ্ধ আহাৰ খাব লাগে৷
বিঃদ্রঃ– জীৱ–জন্তুৰ মাংস আৰু গাখীৰ আৰু গাখীৰৰ প্রডাক্টসমূহ নাখালে বা কমকৈ খালেহে এই মিশ্রণে সুন্দৰ ফল দিয়ে৷
ফোন: ৯৪৩৫৭–০৪০৯০

You might also like