নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা কলাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়াৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : নিশা কলাইগাঁৱৰ গৰুবন্ধাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে এখন বলেৰ’ বাহনে। ভয়াৱহ দুৰ্ঘটনাটোত মৃত্যু হয় আৰক্ষী বিষয়া দুলুমণি মেধিৰ। মৃত দুলুমণি মেধিৰ ঘৰ মঙলদৈৰ আৰেঙত।

ওদালগুৰি জিলাৰ আৰক্ষী ছাউনিৰ ৰিজাৰ্ভ অফিচৰ (RO) হিচাপে কৰ্মৰত আছিল দুলুমণি মেধি। কৰ্মস্থলীৰ পৰা গৃহ অভিমুখে আহি থকা অৱস্থাত কলাইগাঁৱৰ গৰুবন্ধা নামৰ ঠাইত নিজে চলাই অহা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত তীব্ৰ বেগত খুন্দা মাৰে। খুন্দা মৰাৰ পিছতে গুৰুতৰভাৱে আহত দুলুমণি মেধিক ততাতৈয়াকৈ মঙলদৈ আৰক্ষীয়ে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তেওঁ এজন দক্ষ আৰক্ষী বিষয়াৰ লগতে এগৰাকী ভাল খেলুৱৈও আছিল । আৰক্ষী বিষয়া দুলুমণি মেধিৰ মৃত্যুত সমগ্ৰ দৰং জিলাত শোকৰ ছাঁ পৰিছে।

You might also like