নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ যাব সুস্মিতা

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: পশ্চিমবংগৰ পৰা তৃণমূল কংগ্রেছৰ হৈ ৰাজ্যসভালৈ যাব সুস্মিতা দেব৷ ৰাজ্যখনত খালী হৈ থকা ৰাজ্যসভাৰ এখন আসনত তৃণমূল কংগ্রেছে প্রার্থিত্ব দিছে তেওঁক৷ শিলচৰৰ প্রাক্তন সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্রেছৰ প্রাক্তন সভানেত্রী সুস্মিতা দেবে কিছুদিন পূর্বে কংগ্রেছ ত্যাগ কৰি তৃণমূল কংগ্রেছত যোগদান কৰে৷

শেহতীয়াকৈ তেওঁক তৃণমূল কংগ্রেছে পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ প্রক্ষেপ কৰিছে৷ ইয়াৰ বাবে টুইটাৰযোগে সুস্মিতা দেবে তৃণমূল কংগ্রেছৰ সভানেত্রী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক ধন্যবাদ জ্ঞাপন কৰে৷ এই সম্পর্কত দেবে সংবাদ মাধ্যমৰ আগত কয় যে মমতা বেনার্জীয়ে তেওঁক পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ প্রতিনিধি হিচাপে প্রেৰণ কৰি উত্তৰ–পূবৰ প্রতি এক সবল বার্তা প্রেৰণ কৰিছে৷ তেওঁক পশ্চিমবংগৰ বিধায়কে ভোটদান কৰি ৰাজ্যসভালৈ নির্বাচিত কৰিব৷ ইয়াৰ ফলত সংসদত মহিলা প্রতিনিধিৰ সংখ্যা বৃদ্ধি পাব৷

You might also like