নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান অপৰাধী! ‘এক্সট্রা অ’র্ডিনেৰী ড’জ’ দিব আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ বর্তমানৰ ৰাজ্য চৰকাৰখনে অপৰাধমুক্ত অসম গঢ়াৰ বাবে অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰি আহিছে৷ মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্বভাৰ গ্রহণৰ দিনটোৰ পৰাই আৰক্ষী বিভাগে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ সমাজ ধ্বংসকাৰী ড্রাগ্ছৰ সৰবৰাহ বন্ধ কৰাৰ লগতে ধর্ষণ, হত্যা, মহিলা–শিশু সৰবৰাহ আদিকে ধৰি সকলো ধৰণৰ অপৰাধ নির্মূলৰ বাবে অসম আৰক্ষীয়ে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে আৰু এইক্ষেত্রত যথেষ্ট সফলতাও অর্জন কৰিছে৷ তৎসত্ত্বেও একাংশ সমাজবিৰোধী লোক এতিয়াও অপৰাধজনিত কার্যকলাপত জড়িত হৈ আছে৷

যোৱা কেইটামান দিনৰ ভিতৰতে ধেমাজিৰ মৰিধল কলেজৰ এগৰাকী ছাত্রীক হত্যাৰ লগতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াতো এগৰাকী ছাত্রীক হত্যাৰ ঘটনা সংঘটিত হয়৷ ৰাজ্যখনৰ অন্যান্য স্থানতো বিক্ষিপ্ত ৰূপত অপৰাধজনিত কার্য সংঘটিত হৈ আহিছে৷ তদুপৰি শেহতীয়াকৈ মুখ্যমন্ত্রীৰ চহী জাল কৰাৰ দৰে দুষ্কার্য সংঘটিত কৰা চক্রও ধৰা পৰিছে৷ সেই দুষ্কার্যৰ মাষ্টাৰমাইণ্ডক দিল্লীৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগতে সমগ্র চক্রটোকে আৰক্ষীয়ে ইতিমধ্যে উৎখাত কৰিবলৈ সক্ষম হৈছে৷ বর্তমানৰ ৰাজ্য চৰকাৰখনৰ যোৱা চাৰিটা মাহৰ ভিতৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা বহুকেইজন অপৰাধী আৰক্ষীৰ গুলীত আহতও হৈছে৷ ইমানৰ পিছতো একাংশ লোকে অপৰাধমূলক কার্য সংঘটিত কৰি আহিছে৷ আৰক্ষীৰ কঠোৰ অভিযানৰ পিছতো একাংশই ৰাজ্যখনত অপৰাধমূলক কার্য সংঘটিত কৰি অহাত ক্ষুণ্ণ হৈ পৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

যিকোনো মূল্যৰ বিনিময়ত অপৰাধ নির্মূল কৰিবলৈ বদ্ধপৰিকৰ মুখ্যমন্ত্রী ড০ শর্মাই মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত অপৰাধীসকলৰ প্রতি কঠোৰ সকীয়নি দি কয় যে অসমত যিয়েই অপৰাধজনিত ঘটনা সংঘটিত কৰিব, আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ‘নর্মেল একচন’ (স্বাভাৱিক ব্যৱস্থা) নহয়, ‘ষ্ট্রং একচন’ (কঠোৰ ব্যৱস্থা) ল’ব৷ সেয়ে তেওঁ সকলো অপৰাধীকে সাৱধানে থাকিলে ভাল বুলি চৰম সকীয়নি দি কয় যে আৰক্ষীয়ে আইনৰ গণ্ডীৰ ভিতৰত থাকি অপৰাধীক ‘নর্মেল ড’জ’ নিদিয়ে, অলপমান ‘এক্সট্রা অ’র্ডিনেৰী ড’জ’ দিব৷

মুখ্যমন্ত্রী ড০ শর্মাৰ এই মন্তব্যই এটা কথা স্পষ্ট কৰিছে অপৰাধ নির্মূলৰ বাবে ৰাজ্য চৰকাৰে এতিয়াৰে পৰা অপৰাধীৰ বিৰুদ্ধে আইনৰ ভিতৰত থাকি কঠোৰতম শাস্তি বিহিব৷ মূলতঃ অসমক অপৰাধমুক্ত ৰাজ্য হিচাপে গঢ়াৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই অপৰাধীৰ বিৰুদ্ধে এনেধৰণে কঠোৰতম পদক্ষেপ লোৱাত গুৰুত্ব দিছে৷ ইপিনে আধাৰ কার্ডৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত সকলো লোকে অহা ৩১ মার্চৰ ভিতৰত আধাৰ কার্ড লাভ কৰিব৷ অৱশ্যে উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে ৪০ লাখ মানুহৰ আধাৰ ব্লক হৈ আছে৷ উচ্চতম ন্যায়ালয়ৰ পৰা নির্দেশ আহিলেহে সেইসকল লোকে আধাৰ লাভ কৰিব৷

ইফালে ক’ভিড ভেকচিন ল’লে পার্শ্বক্রিয়া হোৱা সম্পর্কত একাংশই চলোৱা প্রচাৰ খণ্ডন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত এতিয়ালৈ দুই কোটিৰো অধিক লোকে ভেকচিন ল’লে৷ ভেকচিন লোৱা কোনো লোকৰে একো হোৱা নাই৷ বৰং ভেকচিন নল’লেহে সোনকালে মানুহ মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে৷ ভেকচিন লোৱাৰ বাবে কোনো মানুহৰ মৃত্যু হোৱা নাই৷

You might also like