নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপ্রিম ক’ৰ্টৰ পৰৱর্তী মুখ্য ন্যায়াধীশ সূর্য কান্ত, গাভাইৰ অনুমোদন…

দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হ’ব সূর্য কান্ত৷ মুখ্য ন্যায়াধীশ বিআৰ গাভায়ে নিয়মানুযায়ী উচ্চতম ন্যায়ালয়ৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে সূর্য কান্তৰ নাম অনুমোদন জনাই কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিছে৷

মুখ্য ন্যায়াধীশ গাভাইৰ অনুমোদনৰ পাছত শীঘ্রেই কেন্দ্রীয় চৰকাৰে আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশৰ নাম ঘোষণা কৰে৷ উল্লেখ্য যে ২৩ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে সূর্য কান্তই দায়িত্ব গ্রহণ কৰিব৷ তেওঁ হ’ব উচ্চতম ন্যায়ালয়ৰ ৫৩সংখ্যক মুখ্য ন্যায়াধীশ৷

ডিজিটেল ডেস্ক, ২৮ অক্টোবৰ

You might also like