অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানত চাকৰি, সাক্ষাৎকাৰ ১১-১২ নৱেম্বৰ
অইল ইণ্ডিয়া লিমিটেড (OIL)-এ দুলীয়াজান ফিল্ড হেডকোৱাৰ্টাৰত তৎক্ষণাত নিযুক্তিৰ বাবে চুক্তিভিত্তিকভাৱে ১৬টা পদ পূৰণৰ বাবে এখন নিয়োগ সূচনা প্ৰকাশ কৰিছে। এই নিয়োগ Drilling/Workover Operator আৰু Drilling/Workover Assistant Operator পদৰ বাবে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া সম্পূৰ্ণ তথ্যবোৰ পঢ়িব পাৰে। সংস্থাৰ নাম অইল ইণ্ডিয়া লিমিটেড (OIL), পদৰ সংখ্যা ১৬টা পদ, ৱাক-ইন-সাক্ষাৎকাৰৰ তাৰিখ ১১ আৰু ১২ নৱেম্বৰ, ২০২৫। পদৰ নাম ড্ৰিলিং/ ৱৰ্কঅভাৰ অপাৰেটৰ আৰু ড্ৰিলিং/ ৱৰ্কঅভাৰ সহকাৰী অপাৰেটৰ, অফিচিয়েল ৱেবছাইট www.oil-india.com
অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান নিয়োগৰ বিৱৰণ
1. চুক্তিভিত্তিক Drilling/Workover Operator
- পদৰ সংখ্যা: ০৮টা
বেতন :
- স্থায়ী ভাট্টা : ২৪,৯৬০ (প্ৰতিমাহে উপস্থিতিৰ ওপৰত ভিত্তি কৰি, পেইড লীভ আৰু হোলিডেসহ)।
- পৰিৱৰ্তনশীল ভাট্টা : প্ৰতি কামৰ দিনত ৯৬০।
যোগ্যতা :
বিকল্প ১ :
(i) চৰকাৰী স্বীকৃত শিক্ষা পৰিষদৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
(ii) চৰকাৰী স্বীকৃত পলিটেকনিকৰ পৰা যিকোনো ইঞ্জিনিয়াৰিং শাখাত ৩ বছৰীয়া ডিপ্ল’মা।
(iii) Drilling/Workover কামৰ ক্ষেত্ৰত কমেও ২ বছৰীয়া অভিজ্ঞতা — উদাহৰণস্বৰূপে Drilling/Workover অপাৰেচন, ব্রেক অপাৰেট কৰা, Rig floor operation, BHA lowering, Tripping in/out টিউবুলাৰ আদিৰ অভিজ্ঞতা।
অথবা
বিকল্প ২ :
(i) চৰকাৰী স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক।
(ii) Drilling/Workover অপাৰেচনসমূহত কমেও ২ বছৰীয়া অভিজ্ঞতা।
অথবা
বিকল্প ৩:
(i) দশম শ্ৰেণী উত্তীৰ্ণ।
(ii) চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা Diesel Mechanic/Fitter/Electrician/Turner/Welder/Motor Mechanic/Machinist ট্ৰেডৰ প্ৰমাণপত্ৰ।
(iii) Drilling/Workover অপাৰেচনসমূহত কমেও ৫ বছৰীয়া অভিজ্ঞতা।
বয়সৰ সীমা:
- নূন্যতম : ১৮ বছৰ
- সৰ্বাধিক : সাধাৰণ: ৪৫ বছৰ, OBC-NCL: ৪৮ বছৰ, SC : ৫০ বছৰ
2. চুক্তিভিত্তিক Drilling/Workover Assistant Operator
- পদৰ সংখ্যা: ০৮টা
বেতন:
- স্থায়ী ভাট্টা : ২১,৪৫০ প্ৰতিমাহে
- পৰিৱৰ্তনশীল ভাট্টা : প্ৰতি কামৰ দিনত ৮২৫
যোগ্যতা :
(i) চৰকাৰী স্বীকৃত শিক্ষা পৰিষদৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ।
(ii) চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা Diesel Mechanic/Fitter/Electrician/Turner/Welder/Motor Mechanic/Machinist ট্ৰেডৰ প্ৰমাণপত্ৰ।
(iii) Drilling/Workover কামত কমেও ২ বছৰীয়া অভিজ্ঞতা — বিশেষকৈ Rig floor operation, BHA lowering, Double/Triple board operation, Tripping in/out টিউবুলাৰ আদিত।
বয়সৰ সীমা:
- নূন্যতম: ১৮ বছৰ
- সৰ্বাধিক : সাধাৰণ : ৪০ বছৰ, OBC-NCL : ৪৩ বছৰ, SC : ৪৫ বছৰ
আবেদন পদ্ধতি
- আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে OILৰ আধিকাৰিক অনলাইন আবেদন প’ৰ্টেলত আবেদন কৰিব লাগিব।
- Online Application Linkত ক্লিক কৰক।
- এটা নতুন টেবত OILৰ অফিচিয়েল প’ৰ্টেল খুলি যাব।
- প্ৰথমে আপোনাৰ নাম ৰেজিষ্টাৰ কৰক।
- তাৰ পিছত প্ৰয়োজনীয় সকলো তথ্য সঠিকভাৱে ভৰাওক।
- প্ৰয়োজনীয় নথিপত্ৰসমূহ আপল’ড কৰক।
- পৰীক্ষা ফিজ জমা দিয়ক।
- সফলভাৱে পেমেণ্ট সম্পন্ন হোৱাৰ পাছত আপোনাৰ আবেদন জমা হ’ব।
- আবেদন জমাৰ এটা Acknowledgment Copy সংৰক্ষণ কৰি ৰাখিব, ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে।