নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইম মেগাজিনৰ প্রচ্ছদত ভাৰতৰ প্রতিবাদী কৃষক মহিলা

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা প্রকাশিত বিশ্বখ্যাত নিউজ মেগাজিন টাইমৰ মার্চ সংস্কৰণৰ প্রচ্ছদত স্থান লাভ কৰিছে প্রতিবাদৰত কৃষক মহিলাই৷ নতুন দিল্লীৰ টিক্রি সীমান্তত কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষকসকলে চলাই থকা আন্দোলনৰ সময়ছোৱাতে ২০গৰাকী মহিলাই অগ্রণী ভূমিকা লৈ প্রতিবাদত লিপ্ত হৈছিল৷ নিউজ মেগাজিন টাইমত ‘অন দ্য ফ্রণ্ট লাইনছ অৱ ইণ্ডিয়ানছ ফার্মাৰ প্রটেছ’ শীর্ষকেৰে ২০গৰাকী মহিলাৰ আলোকচিত্র এখন প্রচ্ছদত স্থান পাইছে৷ প্রবন্ধটিত মহিলাসকলে কিদৰে কৃষক আন্দোলনৰ সময়ত নিজকে জড়িত কৰিছিল সেই সন্দর্ভত ব্যাখ্যা আগবঢ়োৱা হৈছে৷ তিনি কৃষি আইন প্রত্যাহাৰৰ আন্দোলনত জড়িত কৰা উক্ত ২০গৰাকী মহিলাই পিতৃ প্রধান মানসিকতাক আঁতৰ কৰাৰ লগতে কন্যা ভ্রূণ হত্যা, যৌন নির্যাতন আৰু লিংগ বৈষম্য আঁতৰ কৰাৰ বাবেও সংগ্রম চলাই আহিছে৷ প্রবন্ধটিত উল্লেখ কৰা মতে উত্তৰ প্রদেশৰ ৰামপুৰৰ ৭৪ বছৰীয়া যশবীৰ কৌৰ নামৰ মহিলাগৰাকীয়ে কৈছিল– ‘আমি কিয় উভতি যাব লাগে৷ ই কেবল পুৰুষৰ প্রতিবাদেই নহয়, আমি পুৰুষৰ সৈতে খেতি–পথাৰত একেলগে কাম কৰি আহিছো৷ খেতিয়ক নহয় যদি আমি কোন?’

You might also like