নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰাকত আইছিছৰ পুনৰুত্থান

ইৰাক আৰু ছিৰিয়াত কুখ্যাত সন্ত্রাসবাদী সংগঠন কট্টৰ ইছলামপন্থী ইছলামিক ষ্টেট (আইছিছ)ৰ পুনৰ উত্থান ঘটিছে৷ শেহতীয়াকৈ আমেৰিকাৰ চোৰাং বিশেষজ্ঞসকলে এই মন্তব্য কৰিছে৷ ইছলামধর্মী লোকৰ পৱিত্র উৎসৱ ঈদৰ মাত্র এদিন পূর্বে ইৰাকৰ ৰাজধানী চহৰ বাগদাদৰ সমীপৱর্তী ছাদৰ চিটীৰ এখন জনাকীর্ণ বজাৰত ইছলামিক ষ্টেটে সংঘটিত কৰা আত্মঘাতী বিস্ফোৰণত ৩৫গৰাকী লোক নিহত হোৱাৰ উপৰি ৬০গৰাকীতকৈও অধিক গুৰুতৰভাৱে আহত হৈছে৷ ঈদৰ আনন্দ অশ্রু বন্যাত পৰিণত কৰা ইছলামিক ষ্টেটে হুংকাৰ দিছে যে ইৰাকত সংগঠনটোৰ পূর্বত অধিক শক্তিশালী ৰূপত সাংগঠনিক ভেটি বিস্তাৰ কৰিব৷ এয়া নতুন ঘটনা নহয়৷ ইৰাক আৰু ছিৰিয়াৰ পৰা ইছলামিক ষ্টেটক উৎখাত কৰা বুলি আমেৰিকা তথা দুয়োখন দেশৰ চৰকাৰে দাবী কৰিছে যদিও কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৱে পুনৰ দুয়োখন দেশৰ বিভিন্ন স্থানত সাংগঠনিক কাম–কাজ আৰম্ভ কৰিছে৷ অর্থাৎ মধ্যযুগীয়া পাশৱিকতাৰে খলিফা তন্ত্র প্রতিষ্ঠা কৰাৰ সংকল্প লোৱা এই কুখ্যাত সংগঠনটোৱে মধ্যপ্রাচ্যত দীর্ঘদিনলৈ ৰক্তস্নান অব্যাহত ৰখাৰ সংকল্প লৈছে৷ ইছলামিক ষ্টেটৰ হাতলৈ ইৰাক আৰু ছিৰিয়াৰ বিস্তীর্ণ অঞ্চল যোৱাৰ পাছত বিশ্ব মানৱতা তথা সভ্যতা কঁপি উঠিছিল৷ পাশৱিকতাৰ নজিৰ সৃষ্টি কৰিছিল আইছিছে৷ ইছলামৰ আদর্শ ৰক্ষাৰ নামত আইছিছে যি হিংস্রতা আৰু বর্বৰতাৰ পৰিচয় দাঙি ধৰিছিল, তাক আজিও বিশ্ববাসীয়ে পাহৰিব পৰা নাই৷ ছিৰিয়াৰ দুর্গম অঞ্চলত ইছলামিক ষ্টেটৰ মুৰব্বী আবু বক্কৰ আল বাগদাদী আমেৰিকাই হত্যা কৰিবলৈ সক্ষম হৈছে যদিও কুখ্যাত জেহাদী সংগঠনটোক সম্পূর্ণ ৰূপে উৎখাত কৰিবলৈ সক্ষম হোৱা নাই৷ এই কথা হোৱাইট হাউছ প্রশাসনে নিজেই স্বীকাৰ কৰিছে৷ কিন্তু ইছলামিক ষ্টেটৰ পাশৱিকতাৰ সাময়িক বিৰতিৰ মাজতে দুয়োখন দেশত আমেৰিকান বাহিনীৰ তৎপৰতা শিথিল হৈ পৰিছে৷ কিয় আমেৰিকান সেনাই ইৰাক আৰু ছিৰিয়াত অভিযান অন্ত নৌহওঁতেই প্রত্যাৱর্তনৰ কথা চিন্তা কৰিলে সেয়া আশ্চর্যৰ বিষয়৷ আজি অনুৰূপ ঘটনা সংঘটিত হৈছে আফগানিস্তানত৷ দেশত তালিবানে পুনৰ শক্তিৰ উমান দাঙি ধৰিছে৷ আনকি সন্ত্রাসবাদী সংগঠনটোৱে আফগানিস্তানৰ ৮৫ শতাংশ অঞ্চল নিজৰ নিয়ন্ত্রণলৈ নিয়া বুলি দাবীও কৰিছে৷ প্রতিদিনে আফগানিস্তানৰ বিভিন্ন চহৰ দখল কৰিছে তালিবানে৷ গুৰুত্বপূর্ণ সীমান্ত চকীবোৰত এতিয়াও উৰিছে তালিবানৰ পতাকা৷ ইয়াৰ পাছতো আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰৰ বিষয়টোক লৈ কোনো ধৰণৰ আক্ষেপ প্রকাশ কৰা নাই৷
মূল কথাটো হৈছে আমেৰিকা তথা ইউৰোপীয় শক্তিসমূহে যিবোৰ দেশত আগ্রাসন চলাইছে, সেই দেশবোৰ দীর্ঘদিনলৈ বধ্যভূমিত পৰিণত হৈছে৷ ইৰাকত ছাদ্দাম হুছেইনক ক্ষমতাচ্যুত কৰিবলৈ ৰাষ্ট্রসংঘৰ নির্দেশনা উলংঘা কৰি আমেৰিকাই আৰম্ভ কৰিছিল সামৰিক অভিযান৷ ছাদ্দাম হুছেইনক যুদ্ধ অপৰাধী সজাই ফাঁচি দিয়া হৈছিল৷ একালৰ মানৱ সভ্যতাৰ প্রাণকেন্দ্র যাক মেছোপটেমিয়া বুলি জনা গৈছিল, সেই সভ্যতাৰ প্রাণকেন্দ্র ইৰাক আমেৰিকাৰ বোমা–ক্ষেপণাস্ত্রৰ আঁচোৰত হৈ পৰিল ধ্বংসস্তূপ৷ সভ্যতাৰ বহু প্রাচীন স্মাৰক আমেৰিকাৰ ক্ষেপণাস্ত্রৰ আঘাতত তচনচ হৈ গৈছে৷ আমেৰিকাৰ উপস্থিতিতেই ইৰাকত জন্ম হৈছে কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটৰ৷ আনকি এই কুখ্যাত সংগঠনটোৱে ৰহস্যজনকভাৱে লাভ কৰিবলৈ সক্ষম হ’ল আমেৰিকাৰ কোম্পানীসমূহে নির্মাণ কৰা মাৰণাস্ত্র–টেংক আদি৷ কেনেদৰে সম্ভৱ হ’ল আমেৰিকান অস্ত্র লাভ কৰাটো৷ ইয়াক লৈ আজিও বিভিন্ন মহলত চলি আছে সন্দেহ৷ আচলতে ইছলামিক ষ্টেটৰ দৰে জেহাদী সংগঠনসমূহৰ জন্মৰ অন্তৰালত হোৱাইট হাউছ প্রশাসনৰে হাত আছে৷ ইয়াৰ জৰিয়তে হোৱাইট হাউছে অস্ত্র বাণিজ্য সমৃদ্ধ কৰিছে৷ আজি পুনৰ যদি ইৰাক আৰু ছিৰিয়াত ইছলামিক ষ্টেটৰ শক্তি বৃদ্ধি পায়, তেন্তে তাৰ বাবে জগৰীয়া হ’ব আমেৰিকা৷ কাৰণ আমেৰিকান সেনাৰ উপস্থিতিতেই পুনৰ নিৰীহ লোকক হত্যা কৰিবলৈ লৈছে ইছলামিক ষ্টেটে৷ ইয়াৰ বাবে মধ্যপ্রাচ্যৰ শত্রু দেশবোৰক জগৰীয়া কৰিলে নহ’ব৷ ইৰানে আজি বিশ্বৰ সন্ত্রাসবাদী শক্তিক অৰিহণা যোগাব পৰাকৈ কিমান সমর্থৱান সেই কথা সকলোৱে বুজি পায়৷ গতিকে ইছলামিক ষ্টেটৰ উত্থানৰ বাবে ইৰান বা মধ্যপ্রাচ্যৰ অন্য দেশবোৰক জগৰীয়া কৰিলে নহ’ব৷ কুখ্যাত জেহাদী সংগঠনটোক উৎখাত কৰাৰ উপৰি ইৰাক আৰু ছিৰিয়াত যি ধ্বংসযজ্ঞ চলিল, তাৰ মূল্য আদায় দিয়া উচিত হোৱাইট হাউছ প্রশাসনে৷ একালৰ সমৃদ্ধিশালী ইৰাক এতিয়া দাৰিদ্র্যপীড়িত দেশ৷ দেশখনৰ আজিৰ এই পৰিস্থিতিৰ বাবে আমেৰিকা জগৰীয়া বুলি ইতিমধ্যে বিভিন্ন আন্তর্জাতিক সংগঠনেও অভিযোগ কৰিছে৷ এই অভিযোগৰ প্রত্যুত্তৰ দিয়াৰ ক্ষেত্রত আমেৰিকাই অৱলম্বন কৰি আহিছে কেৱল নীৰৱতা৷

You might also like