নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ আগষ্টৰ পৰা অ’লা উবেৰ বর্জন কেবচালকৰ

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ অল গুৱাহাটী কেব ড্রাইভাৰ ইউনিয়নৰ ১ আগষ্টৰ পৰা লোৱা কেবচালকসকলে স্ব–ইচ্ছাই অ’লা–উবেৰ বর্জন কার্যসূচীটো বাহাল ৰাখিছে৷ অ’লা–উবেৰ কেব অপাৰেটৰ ইব্রাহিম আলী আৰু দেৱজিৎ ডেকা নামৰ দুজন ব্যক্তিয়ে আমাৰ এই অ’লা–উবেৰ বর্জন কার্যসূচীটো আলোচনামর্মে উঠাই লোৱা বুলি কৈ চালকসকলৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে৷

এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে অল গুৱাহাটী কেব ড্রাইভাৰ ইউনিয়নৰ লগত কোনো চৰকাৰী পক্ষৰ বিষয়া বা অ’লা–উবেৰ কর্তৃপক্ষৰ সৈতে আলোচনা হোৱা নাই বা চৰকাৰী পক্ষ বা অ’লা–উবেৰ কর্তৃপক্ষৰ সৈতে কোনো আলোচনা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে৷

লগতে ইব্রাহিম আলী অল গুৱাহাটী কেব ড্রাইভাৰ ইউনিয়নৰ প্রাক্তন সভাপতি আৰু বর্তমানৰ মুখ্য উপদেষ্টা হিচাপে তেওঁৰ সন্মতি আৰু সকলো বিষয়ববীয়াৰ সমর্থনত বৈঠক অনুষ্ঠিত কৰা হৈছিল, কিন্তু ১ আগষ্টৰ পৰা লোৱা আমাৰ কার্যসূচী বিফল কৰিবলৈ চেষ্টা কৰাত অল গুৱাহাটী কেব ড্রাইভাৰ ইউনিয়নৰ বিষয়ববীয়াৰ এখন বৈঠক অনুষ্ঠিত কৰি মুখ্য উপদেষ্টাই সন্থাবিৰোধী কার্য কৰা বাবে ইব্রাহিম আলীক মুখ্য উপদেষ্টা পদৰ পৰা বহিষ্কাৰ কৰা হয় বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰে৷

You might also like