নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোনিয়াৰ পাছত এইবাৰ ক’ভিডত আক্ৰান্ত প্ৰিয়ংকা গান্ধী

বিশেষ বাৰ্তা, ৩ জুনঃ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধী ক’ভিড পজিটিভ হোৱাৰ এদিন পিছতে শুকুৰবাৰে প্ৰিয়ংকা গান্ধীয়ে টুইট কৰি কয় যে তেওঁয়ো মৃদু লক্ষণৰ সৈতে ক’ভি়ড পজিটিভ হৈছে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে টুইট কৰি কয় যে, “সকলো প্ৰট’কল মানি মই নিজকে ঘৰতে কোৱাৰেণ্টাইন কৰিছোঁ। মোৰ সংযোগত অহা সকলক মই অনুৰোধ কৰিম যে তেওঁলোকে সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি চলে যেন।” বৃহস্পতিবাৰে ছোনিয়া গান্ধীৰ ক’ভিড পজিটিভ পোৱাৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে লক্ষ্ণৌ ভ্ৰমণ চমু কৰি দিল্লীলৈ উভতি আহিছিল। হঠাৎ সময়সূচী সলনি হোৱাৰ কোনো কাৰণ দিয়া হোৱা নাছিল। উত্তৰ প্ৰদেশত দলক পুনৰুজ্জীৱনৰ কৌশল সম্পৰ্কে আলোচনা কৰাৰ বাবে লক্ষ্ণৌত দুদিনীয়া বৈঠকৰ আহ্বান কৰা হৈছিল।

You might also like