নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুৰ হাস্পতালত সুস্থ ঘোষণা ভি কে শশীকলাক

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ বহিষ্কৃত এ আই এ ডি এম কেৰ নেত্রী তথা প্রাক্তন মুখ্যমন্ত্রী জয়াললিতাৰ ঘনিষ্ঠ ভি কে শশীকলাৰ স্বাস্থ্য বাংগালুৰুৰ হাস্পতালৰ চিকিৎসকে সুস্থিৰ বুলি ঘোষণা কৰিছে৷

নেত্রীগৰাকীয়ে এতিয়া সম্পূর্ণ আৰোগ্য লাভ কৰা বুলি ঘোষণা কৰিছে হাস্পতালৰ সূত্রই৷ উল্লেখনীয় যে কর্ণাটকৰ কাৰাগাৰত দুর্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ বন্দিত্বৰ জীৱন কটাই থকা ভি কে শশীকলাক মাত্র কেইদিনমান পূর্বে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত হাস্পতালত ভর্তি কৰোৱা হৈছিল৷

ভিক্টোৰিয়া হাস্পতালৰ চিকিৎসকে আজি সদৰী কৰা অনুসৰি শশীকলা এতিয়া পুনৰ কাৰাগাৰলৈ যোৱাৰ বাবে সম্পূর্ণ সুস্থ৷

You might also like