নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসত প্রথমবাৰলৈ লাডাখৰ প্রতীকপট

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ আগন্তুক ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত প্রথমবাৰলৈ সন্নিৱিষ্ট হ’ব লাডাখৰ প্রতীকপট৷ এই প্রতীকপটত থাকিব লেহ জিলাৰ থিকছে পাহাৰৰ ওপৰৰ ঐতিহাসিক বৌদ্ধ মঠৰ ছবিও৷

প্রথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ কুচকাৱাজত লাডাখৰ এই প্রতীকপট সন্নিৱিষ্ট কৰা হ’ব বুলি উল্লেখ কৰিছে কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে৷ স্মর্তব্য যে লেহৰ এই বৌদ্ধ মঠ দর্শন কৰিবলৈ প্রতি বছৰে হাজাৰ হাজাৰ দেশী–বিদেশী পর্যটকৰ আগমন ঘটে৷

ইয়াৰ উপৰি প্রতীকপটত থাকিব ইণ্ডিয়ান এষ্ট্রন’মিকেল অবজাৰভেট’ৰীৰ আলোকচিত্র৷

You might also like