নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাইট হাউছৰ প্রথম কৃষ্ণাংগী প্রেছ সচিব কেৰিন

নিয়মীয়া বাৰ্তা, ৭ মে’: মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে হোৱাইট হাউছৰ প্রথমগৰাকী কৃষ্ণাংগী প্রেছ সচিব হিচাপে ৪৪ বছৰীয়া কেৰিন জা–পিয়েৰৰ নাম ঘোষণা কৰিছে৷ সমকামী এই কৃষ্ণাংগী মহিলাগৰাকীয়ে পূর্বৰে পৰা বাইডেন প্রশাসনৰ প্রধান উপ–প্রেছ সচিব হিচাপে দায়িত্ব পালন কৰি আহিছে৷ অহা সপ্তাহত জেন ছাকিৰ বিদায়ৰ পিছত হোৱাইট হাউছৰ প্রেছ সচিবৰ দায়িত্ব গ্রহণ কৰিব কেৰিনে৷

You might also like