নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰসভাৰ দায়বদ্ধতা

অসমৰ ৮০খন পৌৰসভাৰ নির্বাচন সুকলমে অনুষ্ঠিত হ’ল৷ অহা ৯ মার্চত নির্বাচনৰ ফলাফল ঘোষিত হ’ব৷ এইবাৰ প্রথমবাৰৰ বাবে ৰাজ্যখনত ই ভি এমৰ জৰিয়তে পৌৰসভা নির্বাচন অনুষ্ঠিত হৈছে৷ ৮০খন পৌৰসভাৰ ৯৭৭টা ৱার্ডৰ বাবে ২,৫৩২জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ পৌৰসভা নির্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ১৬,৭১,৮৯৯গৰাকী৷ দেওবাৰে পুৱা ৮ বজাৰ পৰা হোৱা ভোটদানৰ অন্তত ই ভি এমত বন্দী হৈছে ২,৫৩২জন প্রার্থীৰ ভাগ্য৷ যোৱা ৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হোৱা পৌৰসভা নির্বাচনৰ প্রক্রিয়াৰ এই সময়ছোৱাত নির্বাচনী প্রচাৰৰ ক্ষেত্রত এইবাৰ দেখা গৈছে অভূতপূর্ব পৰিৱেশ৷ ৰাজ্যখনৰ সৰু–বৰ বিভিন্ন চহৰ বিগত এটা মাহ ধৰি পৌৰসভা নির্বাচনৰ বতাহে উত্তপ্ত কৰি ৰাখিছে৷ নির্বাচনত অৱতীর্ণ হোৱা প্রার্থীসকলে বিভিন্ন কৌশলেৰে ভোটাৰক আকর্ষিত কৰাৰ চেষ্টা অব্যাহত ৰখা দেখা গ’ল প্রচাৰৰ সময়ত৷ আনকি প্রার্থীসকলে গীত গাই, নৃত্য কৰি, ভাওনাৰ বচন মাতি, অভিনয় কৰি ভোটাৰক আকর্ষণ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হ’ল৷ প্রার্থীসকলৰ এনেধৰণৰ ব্যতিক্রমী প্রচাৰে পৌৰসভা নির্বাচনক আকর্ষণী কৰি তোলাও দেখা গ’ল৷ বিশেষকৈ ৰাজনৈতিক অৰিয়াৰি তথা নিকৃষ্ট বাক্যবাণেৰে ইজনে–সিজনক আক্রমণ–প্রত্যাক্রম কৰাৰ বিপৰীতে এনে প্রচাৰ আছিল নির্বাচনৰ ক্ষেত্রত ইতিবাচক৷ এনে ধৰণৰ ইতিবাচক প্রচাৰে ৰাজনীতিৰ ঊর্ধ্বত গৈ এইবাৰৰ পৌৰসভাৰ নির্বাচনৰ প্রচাৰক এক বিশেষ মাত্রা প্রদান কৰিলে৷ এনে ধৰণৰ ৰাজনৈতিক পৰিৱেশে এখন সুস্থ সমাজৰ সুস্থ ৰাজনীতিৰ পৰিচয় দাঙি ধৰে৷ নির্বাচনী প্রচাৰৰ ক্ষেত্রত শাসকীয় বিজেপি মিত্রজোঁটৰ প্রার্থীসকল বহুদূৰ আগুৱাই যোৱা পৰিলক্ষিত হৈছে৷ বিৰোধী ৰাজনৈতিক দলসমূহৰ প্রার্থীসকল প্রচাৰৰ ক্ষেত্রত পিছপৰি থকাৰ বিপৰীতে কোনো কোনো ৱার্ডত দুই–এক নির্দলীয় প্রার্থীয়ে আকর্ষণীয় প্রচাৰ চলাই সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷
এনে ইতিবাচক প্রচাৰ অভিযানৰ অন্তত ৯ মার্চত ৰাজ্যৰ ৮০খন পৌৰসভা কোন দলৰ দখললৈ যাব বা কোনটো ৱার্ডত কোন দলৰ প্রার্থী বিজয়ী হ’ব, সেয়া চূড়ান্ত হ’ব৷ ফলাফল যিয়েই নহওক, প্রচাৰৰ ক্ষেত্রত যিধৰণৰ ইতিবাচক পৰিৱেশেৰে পৌৰসভা নির্বাচন অনুষ্ঠিত হ’ল, পৌৰসভাসমূহ গঠনৰ পাছতো একেই সমিলমিলৰ মাজেৰে কাম–কাজসমূহ আগুৱাই যাব বুলি অনুমান কৰা হৈছে৷ উল্লেখ্য যে গ্রামাঞ্চলৰ বিকাশৰ ক্ষেত্রত পঞ্চায়তৰ যি এক গুৰুত্বপূর্ণ ভূমিকা আছে, চহৰাঞ্চলৰ বিকাশৰ ক্ষেত্রত একেই গুৰুত্বপূর্ণ ভূমিকা পৌৰসভা তথা স্থানীয় নিগম–নিকায়সমূহৰ্৷ পৌৰসভাৰ একোটা ৱার্ডৰ নির্বাচিত জনপ্রতিনিধিগৰাকীয়্ সংশ্লিষ্ট ৱার্ডটোৰ সমস্যা তথা অভাৱ–ভিযোগসমূহ স্থানীয় মঞ্চত সঠিক ৰূপে উপস্থাপন কৰিবলৈ সক্ষম হ’লেই তেনে অভাৱ–ভিযোগ বা সমস্যা সমাধান সহজসাধ্য হৈ পৰে৷ বিশেষকৈ চহৰৰ ভিতৰুৱা অঞ্চলসমূহৰ বাট–পথ, নলা–নর্দমা, ৰাজহুৱা স্থান, চৰকাৰী ভূমিৰ বেদখল আদি সমস্যাসমূহ ৱার্ডৰ সদস্যসকলে সমাধান কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে৷ শেহতীয়াকৈ ৰাজ্যখনৰ বহু চহৰত বাৰিষা কালত কৃত্রিম বানে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰি অহা পৰিলক্ষিত হৈছে৷ এই সমস্যা লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ চহৰসমূহত জনসংখ্যা বৃদ্ধি, সঠিকভাৱে নলা–নর্দমা নির্মাণ নকৰা, নলা–নর্দমাসমূহ সঠিক সময়ত পৰিষ্কাৰ নকৰা তথা ব্যক্তিগত বাসগৃহৰ পানী নিষ্কাশনৰ সঠিক ব্যৱস্থা নথকাৰ ফলতেই এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰি আহিছে৷ এইক্ষেত্রত স্থানীয় পৌৰসভাসমূহে সঠিক পদক্ষেপ গ্রহণ নকৰিলে ভৱিষ্যতে এই সমস্যাবোৰ ৰাজ্যৰ প্রায় প্রতিখন চহৰতেই এক গুৰুতৰ সমস্যা ৰূপে চিহ্ণিত হৈ পৰিব৷ ইয়াৰ উপৰি ৰাজ্য চৰকাৰে দাৰিদ্র্য সীমাৰেখাৰ তলত বসবাস কৰা নাগৰিকসকলৰ বাবে বিভিন্ন কল্যাণকামী আঁচনি গ্রহণ কৰিছে৷ চহৰাঞ্চলত এই আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ ক্ষেত্রতো পৌৰসভাৰ নির্বাচিত জনপ্রতিনিধিসকলৰ্ ভূমিকা গুৰুত্বপূর্ণ৷ এই দৃষ্টিকোণৰ পৰাই নৱগঠিত পৌৰসভাৰ প্রতিনিধিসকলে দলীয় মতাদর্শৰ ঊর্ধ্বত গৈ নিজৰ ৱার্ডটোৰ উন্নয়নৰ বাবে গঠনমূলক দৃষ্টিভংগীৰে কাম–কাজসমূহ আগুৱাই নিয়াটো অতিকে প্রয়োজনীয়৷ এটা ৱার্ডৰ উন্নয়নৰ বাবে দলীয় আদর্শৰ বিশেষ কোনো কথা নাথাকে৷ নির্বাচিত জনপ্রতিনিধিগৰাকীয়্ আগন্তুক সময়ছোৱাত এই বিষয়টো গুৰুত্ব সহকাৰে গ্রহণ কৰা উচিত৷ চৰকাৰী আঁচনিৰ সা–সুবিধাসমূহ বা উন্নয়নমূলক কাম–কাজসমূহ দেশৰ সকলো নাগৰিকৰ বাবে চৰকাৰে গ্রহণ কৰে৷ সেই আঁচনিৰ সুফল যাতে সকলো শ্রেণীৰ লোকে উপভোগ কৰিব পাৰে, সেয়া চহৰাঞ্চলত নিশ্চিত কৰাৰ দায়িত্ব পৌৰসভাৰ নির্বাচিত জনপ্রতিনিধিসকলৰ্৷ এনে দৃষ্টিভংগীৰে আগন্তুক সময়ত নির্বাচিত জনপ্রতিনিধিসকল আগবাঢ়িব বুলি সকলোৱে আশা প্রকাশ কৰিছে

You might also like