নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এভাৰেষ্টৰ চূড়াত পিয়ানো বজালে ১৯ বছৰীয়া তৰুণে

বিশেষ বাৰ্তা, ২০ মেঃ এইকেইদিনত হিমালয় পৰ্বতৰ বিভিন্ন শৃংগ এজনৰ পাছত আনজনে আৰোহণ কৰাৰ খবৰ আহিছে। এয়াই যে পর্বতাৰোহণৰ সময়। দেশ-বিদেশৰ সহস্ৰ অভিযাত্রীয়ে শৃংগ আৰোহণৰ বাবে ভিৰ কৰিছে। প্রতিদিনেই নতুন নতুন ৰেকর্ড ভাঙিছে তথা গঢ়িছে। এইবাৰ জুয়ান ডিয়েগো মার্টিনেজ নামৰ এজন তৰুণে সর্বকনিষ্ঠ হিচাপে এভাৰেষ্ট শৃংগ আৰু লোৎছ শৃংগ একেলগে আৰোহণ কৰি অভিলেখ গঢ়িছে। জনা মতে, তেওঁৰ শাৰীৰিক সক্ষমতা অবর্ণনীয়।

অত উচ্চতাত যিবোৰ সমস্যা বা বাধা আহে সেই সকলোবোৰ হাঁহিমুখে পাৰ কৰিছে ১৯ বছৰীয়া জুয়ানে। তেনে নহ’লে ৮৮৪৮ মিটাৰ উচ্চতাৰ এভাৰেস্ট শৃংগত উঠি পিয়ানো বজোৱা কার্যত অসম্ভৱ। উচ্চতা যিমানেই বাঢ়ে, অক্সিজেনৰ যোগান সিমানে কমি থাকে। উচ্চতাজনিত একাধিক অসুস্থতা হয়। খুব সাৱধানে আৰোহণ শেষ কৰি শৃংগত উঠি পতাকা লগাই নামি আহে আৰোহীসকল। কিন্তু তাত পিয়ানোৰ দৰে এটা বাদ্যযন্ত্র লৈ গৈ সেইটো বজোৱা সঁচাকৈ দূৰুহ।

You might also like