নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচলত আদানিৰ সংস্থাত আয়কৰ–আবকাৰীৰ তালাচী অভিযান

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: কংগ্রেছশাসিত হিমাচল প্রদেশত আদানি গোষ্ঠীৰ মালিকানাধীন সংস্থা আদানি উইলমাৰ লিমিটেডত কালি তালাচী চলালে ৰাজ্যখনৰ আবকাৰী আৰু আয়কৰ বিভাগে৷ কালি সন্ধিয়া সংস্থাটোৰ পৰৱানুৰ গুদামত হঠাতে গৈ উপস্থিত হয় আবকাৰী আৰু আয়কৰ বিভাগৰ বিষয়াৰ দল৷ অৱশ্যে এই অভিযানত তদন্তকাৰী বিষয়াসকলে কোনো গোপন নথি বা তথ্য লাভ কৰিছে নে নাই সেই সন্দর্ভত কোনো কথা সংবাদ মাধ্যমক জনোৱা নাই৷ অভিযান চলোৱা বিষয়াৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআয়ে উল্লেখ কৰিছে যে এই তালাচী আছিল ‘ৰুটিনমাফিক নজৰদাৰী’৷

You might also like