নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিৰ বাবে বন্দী শিবিৰ নাথাকে মহাৰাষ্ট্রত

মুছলমান সম্প্রদায়ক প্রতিশ্রুতি থাকৰেৰ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ দেশজুৰি এনআৰচি আৰু ‘কা’ বিৰোধী আন্দোলনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি থকা সময়তে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধাৱ থাকৰেই মঙলবাৰে মুছলমান সম্প্রদায়ৰ লোকসকললৈ প্রতিশ্রুতি আগবঢ়াইছে যে ৰাজ্যখনত কোনো কাৰণতে ডিটেনচন কেম্প অর্থাৎ বন্দীগৃহ স্থাপনৰ অনুমতি দিয়া নহ’ব ৷ এনআৰচিৰ অধীনত ৰাজ্যখনত বন্দীগৃহ স্থাপনৰ কোনো সুযোগ কেন্দ্রীয় চৰকাৰক দিয়া নহ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে স্পষ্ট কৰি দিয়াৰ লগে লগে বিষয়টো সন্দর্ভত শিৱসেনাৰ স্থিতিও স্পষ্ট হৈছে ৷ থাকৰেই উল্লেখ কৰা অনুসৰি এই বন্দী শিবিৰবোৰক লৈ ইতিমধ্যে ভুল বুজাবুজিৰ সৃষ্টি হৈছে দেশবাসীৰ মাজত ৷ বন্দী শিবিৰ কেবল বিদেশী নাগৰিকৰ বাবে স্থাপন কৰা হয় বুলি উল্লেখ কৰি থাকৰেই কয় যে মহাৰাষ্ট্রত ইয়াৰ প্রয়োজন নাই ৷ কাৰণ মহাৰাষ্ট্রত কোনো বিদেশী নাগৰিকক বিতাড়ন কৰাৰ বাবে ভৱিষ্যতেও চৰকাৰে পদক্ষেপ গ্রহণ কৰিবলগীয়া নহ’ব ৷

You might also like