নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ দ্বিতীয় জোৱাৰত ৬২৪ চিকিৎসকৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৪ জুনঃ ভাৰতত ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰত এতিয়ালৈকে ৬২৪গৰাকী চিকিৎসকে প্রাণ হেৰুৱাইছে৷ ভাৰতীয় চিকিৎসা সংস্থা (আই এম এ)ৰ তৰফৰ পৰা শেহতীয়াকৈ সদৰী কৰা হৈছে এই তথ্য৷

সংস্থাটোৱে উল্লেখ কৰা অনুসৰি দেশৰ ৰাজধানী দিল্লীত অধিকসংখ্যক চিকিৎসকে প্রাণ হেৰুৱাইছে ক’ভিড মহামাৰীত৷ দিল্লীত দ্বিতীয় জোৱাৰত প্রাণ হেৰুওৱা চিকিৎসকৰ সংখ্যা হৈছে ১০৯গৰাকী৷ ইয়াৰ পিছতে বিহাৰত ৯৬ আৰু উত্তৰ প্রদেশত ৭৯গৰাকী চিকিৎসকে ক’ভিড মহামাৰীত প্রাণ হেৰুওৱা বুলি সংস্থাটোৱে সদৰী কৰিছে৷

স্মর্তব্য যে ক’ভিড মহামাৰীৰ প্রথমটো জোৱাৰত দেশত মুঠ ৭৪৮গৰাকী চিকিৎসকে প্রাণ হেৰুৱাইছিল৷

You might also like