নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জয় বজৰংবলী’ বুলি চিঞৰি কুঁৱাত জাঁপ দিলে যুৱকে… কাৰণ জানিলে হ’ব আচৰিত

ঘটনা অনুসৰি গণেশ মাড়িয়া কেণ্টৰ ৩৭ বছৰীয়া মোহন সিং ওৰফে মনুৱে নিয়মীয়াভাৱে মদ খাই থাকিলেও বৃহস্পতিবাৰে নিশাও তেওঁ তেনে নিচাত আছিল

উত্তৰ প্ৰদেশৰ ঝাঁচী জিলাৰ সদৰ বজাৰ থানাৰ অন্তৰ্গত অঞ্চলত বৃহস্পতিবাৰে নিশা এটা ভয়ংকৰ ঘটনা সংঘটিত হয়। গণেশ মাড়িয়া কেণ্ট অঞ্চলত এজন যুৱকে মদৰ নিচাত মাতাল অৱস্থাত ‘জয় বজৰংবলী’ বুলি চিঞৰি এটা কুঁৱাত জাঁপ মাৰি দিয়ে। ঘটনা দেখি চাৰিওফালে চিঞৰ-বাখৰ লাগে। তৎক্ষণাত ঘটনাৰ খবৰ আৰক্ষীক দিয়া হয়, কিন্তু উদ্ধাৰ কৰাৰ সময়ত যুৱকজনৰ মৃত্যু ঘটিছিল।

প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে মৃতদেহটো তদন্তৰ বাবে পঠিয়াইছে। ইয়াৰ আগতে সুৰাৰ ৰাগিত ঘৰৰ লোকৰ সৈতে অলপ বাদানুবাদ হৈছিল আৰু সেই ক্ষোভতেই যুৱকজনে এই ভয়ংকৰ সিদ্ধান্ত লৈছিল বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি গণেশ মাড়িয়া কেণ্টৰ ৩৭ বছৰীয়া মোহন সিং ওৰফে মনুৱে নিয়মীয়াভাৱে মদ খাই থাকিলেও বৃহস্পতিবাৰে নিশাও তেওঁ তেনে নিচাত আছিল। নিশা প্ৰায় ১০.৩০ বজাত তেওঁ বিড়ি জ্বলাবলৈ মাকৰ পৰা এটা দিয়াশলাই বিচাৰে। মাতৃয়ে নিদিওঁ বুলি কোৱাত তেওঁ গেছ চুলাৰ পৰা বিড়ি জ্বলাবলৈ যায়। এই দৃশ্য দেখি ডাঙৰ ভায়েকে তেওঁক গঁতিয়াই দিয়ে আৰু তাৰ পাছতেই মনু ৰাগত ঘৰৰ মেইন গেটৰ ফালে ওলাই যায়।

কিছু সময়তে কাষৰ মানুহে খবৰ দিয়ে— “মনুৱে ‘জয় বজৰংবলী’ কৈ চিঞৰি কুঁৱাত জাঁপ মাৰিছে”। কথা শুনি পৰিয়ালৰ লোকে বাহিৰলৈ যায় আৰু পাছত আৰক্ষী আহি উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ঘটনাস্থলীত আৰক্ষীয়ে ৰছী বান্ধি যুৱকজনক উদ্ধাৰ কৰে, কিন্তু তেতিয়ালৈকে ডুবি মৃত্যু ঘটিছিল মনুৰ। প্ৰায় ডেৰ ঘণ্টাৰ কঠোৰ চেষ্টাৰ পিছত মৃতদেহটো বাহিৰলৈ অনা হয়।

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ

You might also like