আন্তঃৰাষ্ট্রীয় গণতন্ত্র তথা নির্বাচনী সাহায্য সংস্থাৰ অধ্যক্ষ পদত জ্ঞানেশ কুমাৰ
আন্তঃৰাষ্ট্রীয় গণতন্ত্র তথা নির্বাচনী সহায়তা সংস্থা অর্থাৎ ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ ডেমক্রেচী এণ্ড ইলেক্ট’ৰেল এছিষ্টেন্সৰ ২০২৬ বর্ষৰ অধ্যক্ষ হিচাপে দায়িত্ব অর্পণ কৰা হৈছে দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক৷
ছুইডেনৰ ষ্টকহমত থকা সংস্থাটোৰ কাউঞ্চিল অৱ মেম্বাৰ ষ্টেট্ছৰ বৈঠকত জ্ঞানেশ কুমাৰক সংস্থাটোৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয়৷ এই বৈঠকত উপস্থিত আছিল ছুইডেনত থকা ভাৰতৰ ৰাষ্ট্রদূত অনুৰাগ ভূষণ৷
উল্লেখযোগ্য যে ১৯৯৫ চনত প্রতিষ্ঠিত এই সংস্থাটোৱে বিশ্বজোৰা গণতান্ত্রিক পৰিকাঠামো আৰু নির্বাচনী প্রক্রিয়াক শক্তিশালী কৰাৰ চেষ্টা চলাই আহিছে৷ বর্তমান ৩৫খন দেশ এই সংস্থাৰ সদস্য৷ ভাৰত এই সংস্থাৰ প্রতিষ্ঠাপক সদস্য৷ আগন্তুক বছৰটোত এই সংস্থাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিব জ্ঞানেশ কুমাৰে৷
এই দায়িত্ব লৈ তেওঁ কয়– ‘শান্তিপূর্ণ, সু–সংহত, দীর্ঘকালীন সুস্থিৰতাৰ বাবে গণতন্ত্রৰ কিমান প্রয়োজন তাকেই বুজাব ভাৰতে৷’ বিশ্বৰ অন্যতম বিশ্বাসযোগ্য নিকায় হিচাপে পৰিচিত ভাৰতৰ মুখ্য নির্বাচন আয়োগৰ আয়ুক্তগৰাকীয়ে এই সংস্থাৰ শীর্ষ পদত অধিষ্ঠিত হোৱাটোৰ অর্থ হ’ল ভাৰতৰ গণতন্ত্র এতিয়াও বিশ্ববন্দিত৷
যি সময়ত দেশৰ বিৰোধী পক্ষই ভোটাৰ তালিকা যুগুত কৰাৰ পৰা আৰম্ভ কৰি সমগ্র নির্বাচন প্রক্রিয়াটোকে কাঠগৰাত তুলিছে সেই সময়ত নির্বাচন আয়োগৰ আয়ুক্তগৰাকীলৈ এই স্বীকৃতি নিশ্চয়কৈ তাৎপর্যপূর্ণ৷
ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ