নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীৰ এনএছডিৰ ‘জন ভাৰত ৰংগ মহোৎসৱ’ত আল্পনাৰ নাট পৰিৱেশন

বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰী : নতুন দিল্লীৰ ৰাষ্ট্রীয় নাট্য বিদ্যালয় (NSD)ৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ সহযোগত ১ ফেব্রুৱাৰীৰ পৰা দেশৰ বিভিন্ন প্রান্তত উদযাপন কৰা হয়  ‘ভাৰত ৰংগ মহোৎসৱ’। এই আন্তর্জাতিক  নাট মহোৎসৱৰ ৰূপালী জয়ন্তী বর্ষ উপলক্ষে ভাৰতীয় নাট্যধাৰাক বিশ্ববাসীৰ ওচৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ’জন ভাৰত ৰংগ মহোৎসৱ’ নামকৰণেৰে সমগ্র দেশতে বিভিন্ন ৰাজ্যত ২১ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাত প্ৰায় ২০০০টা নাট্যগোষ্ঠীয়ে একে সময়তে বিভিন্ন  অঞ্চলত নাট পৰিৱেশন কৰে ৷ সেই একে উদ্দেশ্যৰে ‘বিকশিত ভাৰত’  বিষয় লৈ নলবাৰীৰ নাট্যগোষ্ঠী আল্পনাই মঞ্চস্থ কৰে ’উভতি আহিছে  সোণালী পখী’ নাট ৷ নাটৰ ৰচনা ললিত প্ৰকাশৰ ৷ মিঠা আমতল খেলপথাৰত মঞ্চস্থ হোৱা এই নাটৰ পৰিকল্পনা  আৰু পৰিচালনা আছিল ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ ছিনিয়ৰ ফেল’শ্বিপপ্রাপ্ত পল্লৱী শর্মাৰ। নাটখনত অভিনয় কৰে দেৱজিৎ ৰয়, হীৰকজ্যোতি বৈশ্য, নিকিতা দেৱী, ৰবি বৰা আৰু দীপান্বিতা কলিতাই। সংগীত আৰু কন্ঠ মনোজ শৰ্মাৰ। বাদ্যযন্ত্রত আছিল কিষাণজ্যোতি বৰুৱা, জয়ন্ত দাস আৰু মনজিৎ মালাকৰ ৷ সাজসজ্জাত অনামিকা চক্ৰৱৰ্তী আৰু মঞ্চসজ্জাত আছিল ঈশানু শৰ্মা ৷

You might also like