নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোচবিহাৰৰ হিংসাঃ মমতাক দোষাৰোপ অমিত শ্বাহৰ

নিয়মীয়া বৰ্তা, ১২ এপ্ৰিলঃ  কোচবিহাৰত শনিবাৰে সংঘটিত নির্বাচনী হিংসাৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক দোষাৰোপ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ৰাজ্যখনৰ চতুর্থ পর্যায়ৰ ভোটদান চলি থকাৰ সময়ত সংঘটিত এই হিংসাত্মক ঘটনাৰ প্রতিক্রিয়া ব্যক্ত কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে আজি কয় যে কেন্দ্রীয় সুৰক্ষা বাহিনীক আক্রমণ কৰিবলৈ জনসাধাৰণক মমতা বেনার্জীয়ে প্রৰোচিত কৰিছিল৷ শাসনৰ পৰা বিদায় নিশ্চিত হোৱাত শংকিত হৈ মমতাই এইধৰণৰ নিকৃষ্ট ৰাজনীতিত জড়িত হোৱা বুলি শ্বাহে অভিযোগ কৰে৷

উল্লেখ্য যে শনিবাৰে পশ্চিমবংগত অনুষ্ঠিত চতুর্থ পর্যায়ৰ ভোটদানৰ সময়ত কোচবিহাৰৰ এটা ভোটদান কেন্দ্রত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷ এই ঘটনাত চাৰিগৰাকী ব্যক্তি নিহত হয়৷ তৃণমূল কংগ্রেছে অভিযোগ উত্থাপন কৰি সদৰী কৰিছে যে কেন্দ্রীয় সুৰক্ষা বাহিনীয়ে কোচবিহাৰৰ ভোটগ্রহণ কেন্দ্রটোত দুবাৰকৈ গুলীচালনা কৰিছিল, যাৰ ফলত চাৰিগৰাকী দলীয় কর্মী নিহত হয়৷ অৱশ্যে নির্বাচন আয়োগে কেন্দ্রীয় সুৰক্ষা বাহিনীক ক্লীনশ্বীট দি কৈছে যে তেওঁলোকে আত্মৰক্ষাৰ বাবেহে শূন্যলৈ গুলীচালনা কৰিছিল৷

You might also like