বিহাৰ বিধানসভা নিৰ্বাচন : প্ৰথম পৰ্যায়ত ১,২৫০ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
হেভীৱেট প্ৰাৰ্থী হিচাপে প্ৰথম পৰ্যায়ত ৰাঘোপুৰ আসনৰ পৰা তৃতীয়বাৰলৈ নিৰ্বাচনীত অৱতীৰ্ণ হৈছে তেজস্বী যাদৱ।
বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া কালি সম্পন্ন হৈছে। এই সময়ছোৱাত শাসক দল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক জোঁট (NDA) আত্মবিশ্বাসেৰে নিৰ্বাচনী অভিযান চলাইছে, কিন্তু ‘ইণ্ডিয়া’ জোটত বিভ্ৰান্তিৰ পৰিস্থিতি দেখা গৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসাৰে, প্ৰথম পৰ্যায়ৰ ১২১খন বিধানসভা আসনৰ বাবে এতিয়ালৈকে ১,২৫০ৰো অধিক প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন দাখিল কৰিছে। এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে, কাৰণ বহু জিলাৰ তথ্য এতিয়াও আহিব বাকী।
হেভীৱেট প্ৰাৰ্থী হিচাপে প্ৰথম পৰ্যায়ত ৰাঘোপুৰ আসনৰ পৰা তৃতীয়বাৰলৈ নিৰ্বাচনীত অৱতীৰ্ণ হৈছে তেজস্বী যাদৱ।
উল্লেখ্য যে BJP আৰু JDUৰ মাজত ২৪৩ সদস্যৰ বিধানসভাৰ ১০১–১০১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ঐকমত্যত উপনীত হৈছে। বাকী আসন লোক জনশক্তি পাৰ্টি (ৰাম বিলাস), হিন্দুস্তানী আৱাম মর্চা আৰু উপেন্দ্ৰ কুশৱাহাৰ ৰাষ্ট্ৰীয় লোক মর্চাক দিয়া হৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ অক্টোবৰ