নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিৰ অভিযোগত পদত্যাগ বিহাৰৰ শিক্ষামন্ত্রী মেৱা লালৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ  শপতগ্রহণৰ মাত্র ৩ দিন পিছতেই দুর্নীতিৰ অভিযোগত পদত্যাগ কৰিবলৈ বাধ্য হৈছে বিহাৰৰ শিক্ষামন্ত্রী মেৱালাল চৌধাৰীয়ে৷ ৰাজ্যখনত মুখ্যমন্ত্রী নীতিশ কুমাৰৰ একেৰাহে চতুর্থটো কার্যকাল আৰম্ভ হোৱাৰ সময়তে শিক্ষামন্ত্রীৰ দায়িত্ব লাভ কৰা মেৱালাল চৌধাৰীক লৈ তীব্র প্রতিবাদ সৃষ্টি হয়৷ বিৰোধী আৰজেডিয়ে তিনি বছৰ পূর্বৰ এটা দুর্নীতিৰ গোচৰৰ প্রসংগ টানি মেৱালাল চৌধাৰীক কিয় নীতিশ কুমাৰ কেবিনেটত স্থান দিয়া হ’ল তাক লৈ প্রশ্ণৰ অৱতাৰণা কৰে৷

স্মর্তব্য যে ২০১৭ চনত জেডি(ইউ)ৰ টাৰাপুৰৰ বিধায়কগৰাকীয়ে মেৱালালৰ বিৰুদ্ধে এটা অপৰাধ গোচৰ তৰিছিল৷ ভাগলপুৰ কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য হৈ থকাৰ সময়তে মেৱালাল চৌধাৰীয়ে সহকাৰী অধ্যাপক তথা কনিষ্ঠ বিজ্ঞানী নিযুক্তি দিয়াৰ ক্ষেত্রত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ অনা হৈছিল৷

লক্ষণীয়ভাৱে সেই সময়ত বিজেপিৰ তীব্র সমালোচনাৰ সন্মুখীন হৈ নীতিশ কুমাৰে মেৱালাল চৌধাৰীক জেডি(ইউ)ৰ পৰা বহিষ্কাৰো কৰিছিল৷ তেতিয়া বিহাৰৰ ৰাজ্যপালৰ দায়িত্বত থকা বর্তমানৰ ৰাষ্ট্রপতি ৰামনাথ ক’ৱিন্দৰ অনুমতিৰ পিছতে মেৱালাল চৌধাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছিল তদন্ত৷ অৱশ্যে এতিয়াও গোচৰটোৰ চার্জশ্বিট দাখিল কৰা নাই আৰক্ষীয়ে৷

You might also like