নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিউচাং ঘূৰ্ণিত চেন্নাইত আবদ্ধ বলীউড তাৰকা আমিৰ খান

বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ চেন্নাইত ঘূৰ্ণীবতাহ মিউচাঙে সংহাৰী ৰূপ ধাৰণ কৰিছে। সমগ্ৰ চহৰখন পানীত ডুব গৈছে। ইফালে চেন্নাইৰ পৰা আন এক ডাঙৰ খবৰ আহিছে যে বলীউডৰ অভিনেতা আমিৰ খানো যোৱা ২৪ ঘন্টা ধৰি এই ধুমুহাত আবদ্ধ হৈ আছে। অভিনেতা বিষ্ণু বিশালো তেওঁৰ লগত আছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কিছুমান ছবি ওলাইছে। য’ত অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ বিভাগে আমিৰ খানক উদ্ধাৰ কৰা দেখা গৈছিল। আমিৰৰ লগতে অভিনেতা বিষ্ণু বিশালো ধুমুহাত আবদ্ধ হৈ পৰে। দুয়োকে এতিয়া ২৪ ঘণ্টাৰ পিছত নিৰাপদে বাহিৰলৈ উলিয়াই অনা হৈছে। বিষ্ণু বিশালে নিজেই নিজৰ এক্স একাউণ্টত কিছু ছবি শ্বেয়াৰ কৰি এই তথ্য দিছে। আমিৰ খান আৰু উদ্ধাৰ বিভাগৰ সৈতে কিছু ছবি শ্বেয়াৰ কৰি বিষ্ণু বিশালে কেপচনত লিখিছে, ‘আমাৰ দৰে আৱদ্ধ লোকক সহায় কৰাৰ বাবে অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ বিভাগক ধন্যবাদ আৰু লগতে অবিৰতভাৱে কাম কৰি থকা সকলো প্ৰশাসনিক লোকক ধন্যবাদ।’ ছবিবোৰত আমিৰ আৰু বিষ্ণুক নাও এখনত বহি থকা দেখা গৈছে।

#বাৰ্তা ডেস্ক

You might also like