নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগ্ৰত শব্দ শক্তিয়েহে সমাজৰ কল্যাণত শুভফল প্ৰদান কৰে : মৃণালিনী দেৱী

🟢চানমাৰিত অসম ব্ৰাহ্মণ মহিলা সমাজৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা

বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ পাশ্চাত্য সংস্কৃতিৰ মাজত থাকিও যিসকল মহিলাই ভাৰতীয় সংস্কৃতিক ধৰি ৰাখিবলৈ সক্ষম হৈছে, সেইসকল মহিলাৰ দ্বাৰা সমাজ সুৰক্ষিত ‌হব পাৰে। স্তুতি, স্তোত্ৰ আদিৰ দ্বাৰা ভক্তসকলে সকলো বিপদৰ পৰা মুক্তি পাব পাৰে। স্তোত্ৰসমূহৰ জাগ্ৰত শব্দ শক্তিয়েহে মানুহৰ জ্ঞান মাৰ্গদৰ্শন আৰু কল্যাণ সাধন কৰিব পাৰে। এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীৰ। যোৱা ৩ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা ব্ৰাহ্মণ সমাজৰ আহ্বানত চানমাৰি কৃষ্ণনগৰস্থিত শান্তাপ্ৰিয়া প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অসম ব্ৰাহ্মণ মহিলা সমাজৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী। অসম ব্ৰাহ্মণ মহিলা সমাজৰ সভাপতি লাৱণ্য ভট্টাচাৰ্যৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে আৰু আদৰণী ভাষণ আগবঢ়ায় অপৰ্ণা শৰ্মাই। সভাত পুঁজি গঠন কৰি বিত্তীয় ব্যৱস্থা টনকিয়াল কৰাৰ লগতে আগন্তুক দিনত সমাজৰ পৰা কুপ্ৰথা, সন্তানক কিদৰে সুশিক্ষাৰে শিক্ষিত কৰিব পাৰি, হিন্দু সনাতন ধৰ্মৰ আধাৰত সমাজখনক কিদৰে আগুৱাই নিব পৰা যাব- এইক্ষেত্ৰত সুনীল গোস্বামী, গৌতম শৰ্মা, অৰুণা দেৱী, দেবিকা শৰ্মা, বৰষা ভাগৱতী, সমীচী শৰ্মা আদিয়ে বক্তব্য প্ৰদান কৰে। ৰঞ্জিতা গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ সভাপতি লাৱণ্য ভট্টাচাৰ্যই কয় যে সনাতন সংস্কৃতিক ধৰি ৰাখি নৈতিক তথা আধ্যাত্মিকভাৱে মহিলাসকলে নিজৰ ঘৰ তথা সমাজখনক আগবঢ়াই নিব লাগিব। তেওঁ আৰু কয় যে ভৱিষ্যৎ প্ৰজন্মক সভা-সমিতিলৈ আনি সংস্কৃতি ৰক্ষাৰ কৰ্তব্য আৰু গুৰুত্ব বুজাই দিব লাগে। বিশিষ্ট নামতি‌ হিৰন্ময়ী গোস্বামীয়েও নিমন্ত্ৰিত অতিথি হিচাপে সভাখনত ভাষণ প্ৰদান কৰে। দীপিকা গোস্বামীয়ে বক্তব্য ৰাখি কয় যে মাতৃয়ে নিজৰ সন্তানৰ ক্ষেত্ৰত সদা জাগ্ৰত প্ৰহৰী হব লাগিব। শলাগৰ শৰাই আগবঢ়াই গীতিকা দেৱীয়ে মহিলা ব্ৰাহ্মণ সমাজক আগবঢ়াই নিয়াত সকলোকে সহযোগিতা‌ আগবঢ়াবলৈ আহ্বান জনায়।

#বাৰ্তা ডেস্ক

You might also like