নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পা চেট্টী–ৰাজ কুন্দ্রাক চর্ত দিলে ব’ম্বে উচ্চ ন্যায়ালয়ে, দেশ এৰিবলৈ হ’লে প্রথমে ৬০ কোটি জমা দিয়ক

নিউজ ডেস্ক, ১১ অক্টোবৰ : ৬০ কোটি টকা প্রৱঞ্চনাৰ গোচৰত লুক আউট ন’টিচ জাৰি কৰাৰ বাবে বিদেশ ভ্রমণত নিষেধাজ্ঞা আছে অভিনেত্রী শিল্পী চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্রাৰ৷

বিদেশ ভ্রমণৰ বাবে অনুমতি বিচৰা শিল্পা চেট্টী আৰু ৰাজ কুন্দ্রাক ব’ম্বে উচ্চ ন্যায়ালয়ে এক চর্ত বান্ধি দিয়ে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ লছ এঞ্জেলছেই হওক কিম্বা আন দেশেই হওক, দেশ এৰিবলৈ হ’লে প্রথমে ৬০ কোটি টকা জমা দিব লাগিব৷

উল্লেখ্য যে মুম্বাই আৰক্ষীৰ অর্থনৈতিক অপৰাধ শাখাই দীপক কোঠাৰী আৰু আন এজনৰ অভিযোগৰ ভিত্তিত শিল্পা চেট্টী আৰু ৰাজ কুন্দ্রাৰ বিৰুদ্ধে ৬০ কোটি টকাৰ প্রৱঞ্চনাৰ গোচৰ ৰুজু কৰাই নহয়, সোধা–পোছাও কৰিছে৷ দেশ এৰি পলাই যাব নোৱাৰাৰ বাবে লুকআউট ন’টিচো জাৰি কৰিছে শিল্পা চেট্টী আৰু ৰাজ কুন্দ্রাৰ বিৰুদ্ধে ৷

You might also like