চৰকাৰে সলনি কৰিলে MGNREGAৰ নাম : কংগ্ৰেছৰ দুৰ্ঘোৰ আপত্তি
এই আঁচনিখনৰ নামত সৰ্বপ্ৰথমে মহাত্মা গান্ধীজীৰ নাম জড়িত আছে। দ্বিতীয় কথা হ’ল—যেতিয়াই কোনো আঁচনিৰ নাম সলনি কৰা হয়, তেতিয়া তাৰ বাবে বহু টকা খৰচ হয়। এই আঁচনিখনৰ নাম সলনি কৰি কি লাভ হ’ব, সেয়া বুজাব নোৱাৰা
ভাৰত চৰকাৰে ছেপ্টেম্বৰ ২০০৫ত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ ৰোজগাৰ গেৰাণ্টী আইন, ২০০৫ গৃহীত কৰিছিল। এতিয়া আঁচনিখনৰ নাম সলনি কৰি “পূজ্য বাপু গ্ৰামীণ ৰোজগাৰ যোজনা” ৰখা হৈছে। এই আইনে গ্ৰামীণ পৰিয়ালসমূহৰ সেইবোৰ প্ৰাপ্তবয়স্ক সদস্যক এটা আৰ্থিক বছৰত ১০০ দিনৰ মজুৰি ভিত্তিক ৰোজগাৰৰ আইনী গেৰাণ্টী দিয়ে, যিসকলে কাম বিচাৰে আৰু অদক্ষ শাৰীৰিক শ্রম কৰিবলৈ ইচ্ছুক। এই আইনখন কেন্দ্ৰ চৰকাৰৰ দ্বাৰা অধিসূচিত ক্ষেত্ৰসমূহত প্ৰযোজ্য হ’ব। এই আইনৰ মূল উদ্দেশ্য হ’ল গ্ৰামীণ অঞ্চলত পৰিকাঠামো উন্নয়নৰ জৰিয়তে ৰোজগাৰ সৃষ্টি কৰি লোকসকলৰ জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰা।
সমাজ কল্যাণ বিভাগৰ তথ্য অনুসৰি, চৰকাৰে আৰ্থিক বৰ্ষ ২০২৫-২৬ত মনৰেগাৰ বাবে ৮৬,০০০ কোটি টকা আবণ্টন কৰিছে, যি আঁচনিখন আৰম্ভ হোৱাৰ পিছত এতিয়ালৈকে সৰ্বাধিক আবণ্টন। আৰ্থিক বৰ্ষ ২০১৩-১৪ত মনৰেগাৰ বাজেট আবণ্টন আছিল ৩৩,০০০ কোটি টকা। চলিত আৰ্থিক বৰ্ষ ২০২৫-২৬ত এই আঁচনিখনৰ অধীনত এতিয়ালৈকে ৪৫,৭৮৩ কোটি টকা মুকলি কৰা হৈছে।
ইফালে কংগ্ৰেছ পাৰ্টীৰ নেতাসকলে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ ৰোজগাৰ গেৰাণ্টী আঁচনি (মনৰেগা)ৰ নতুন নামকৰণক লৈ তীব্ৰ আপত্তি জনাইছে। কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাড্ৰাই কৈছে যে আঁচনিখনৰ নাম সলনি কৰাটো একেবাৰে বুজাব নোৱাৰা বিষয়। শনিবাৰে সংসদ পৰিসৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি প্ৰিয়ংকা গান্ধী ৱাড্ৰাই ক’লে, “মনৰেগাৰ নাম সলনি কৰাৰ পিছত মোদী চৰকাৰৰ মানসিকতা কি, সেইটো মই বুজি নাপাওঁ।”
তেওঁ আৰু কয়, “প্ৰথম কথা হ’ল—এই আঁচনিখনৰ নামত সৰ্বপ্ৰথমে মহাত্মা গান্ধীজীৰ নাম জড়িত আছে। দ্বিতীয় কথা হ’ল—যেতিয়াই কোনো আঁচনিৰ নাম সলনি কৰা হয়, তেতিয়া তাৰ বাবে বহু টকা খৰচ হয়। এই আঁচনিখনৰ নাম সলনি কৰি কি লাভ হ’ব, সেয়া বুজাব নোৱাৰা।”
কংগ্ৰেছ সাংসদ ৰাজীৱ শুক্লায়ো প্ৰিয়ংকা গান্ধীৰ বক্তব্যৰ সমৰ্থন জনায়। তেওঁ কয়, “প্ৰিয়ংকা গান্ধীয়ে ঠিক এই কথাটো তুলিছে যে মহাত্মা গান্ধীৰ নাম কিয় আঁতৰোৱা হৈছে। চৰকাৰৰ এই পদক্ষেপটো একেবাৰে অপ্রয়োজনীয়। গুজৰাটত বহু লোকৰ নাম ‘বাপু’ আছে, তথাপিও এই ধৰণৰ পদক্ষেপ লোৱা হৈছে।”
ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ