ঢকুৱাখনাত আটক গাঞ্জা ব্যৱসায়ী, ৰঙাঘৰলৈ প্ৰেৰণ
আৰক্ষীয়ে ড্ৰাগছমুক্ত ঢকুৱাখনা গঢ় দিয়াৰ সংকল্পৰে ড্ৰাগছ বিৰোধী অভিযান চলাই যাব বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈৱে জানিবলৈ দিয়ে
ঢকুৱাখনাত আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান। ঢকুৱাখনা থানাৰ অন্তৰ্গত আলিমুৰ দাংধৰাত দীর্ঘদিন ধৰি গাঞ্জাৰ ব্যৱসায়ী চলাই অহা এজন লোকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰে।
শনিবাৰে এক গোপন খবৰৰ ভিত্তিত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীয়ে আলিমুৰ দাংধৰাৰ মুহিধৰ পেগুৰ নামৰ গাঞ্জা ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ব্যসায়ীটোৰ ঘৰৰ ভিতৰৰ পৰা ১.৫২৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে ৮৩৮০ নগদ ধন জব্দ কৰে ।ধৃত লোকজনক জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে পৰৱৰ্তী অনুসন্ধান জাৰি ৰাখিছে ঢকুৱাখনা আৰক্ষীয়ে।
দীৰ্ঘদিন ধৰি মুহিধৰ পেগুৱে অঞ্চলটোত গাঞ্জাৰ ব্যৱসায়ী চলাই আছিল বুলি জানিব পৰা গৈছে। ইফালে ঢকুৱাখনাত অনাগত দিনত আৰক্ষীয়ে ড্ৰাগছৰ লগত সকলো প্ৰকাৰৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিব বুলি জানিবলৈ দিছে।
আৰক্ষীয়ে ড্ৰাগছমুক্ত ঢকুৱাখনা গঢ় দিয়াৰ সংকল্পৰে ড্ৰাগছ বিৰোধী অভিযান চলাই যাব বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈৱে জানিবলৈ দিয়ে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৩ ডিচেম্বৰ