প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পিছত দিল্লী চৰকাৰে বৃহৎ ঘোষণা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বৃহস্পতিবাৰে (১৪ মে’) ঘোষণা কৰে যে দিল্লীত সপ্তাহত দুদিন চৰকাৰী কাৰ্যালয়সমূহত ‘ৱৰ্ক ফ্ৰম হোম’ ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থনৈতিক স্থিতিশীলতা বজাই ৰাখিবলৈ এখন বিশেষ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে বেচৰকাৰী খণ্ডতো সম্ভৱ হ’লে ৱৰ্ক ফ্ৰম হোম নিয়ম প্ৰয়োগ কৰাৰ চেষ্টা কৰা হ’ব। প্ৰাইভেট ছেক্টৰকো সপ্তাহত ২ দিন ৱৰ্ক ফ্ৰম হোম কৰাৰ পৰামৰ্শ দিয়া হৈছে, য’ত অনলাইনভাৱে কাম সম্ভৱ। শ্ৰম বিভাগে এই বিষয়টো তদাৰক কৰিব।
তেওঁ লগতে কয় যে চৰকাৰী বিষয়া আৰু মন্ত্ৰীৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা হৈছে। যিসকলক আগতে পেট্ৰ’লৰ সুবিধা দিয়া হৈছিল, তেওঁলোকৰ বাবে ২০ শতাংশ কৰ্তন কৰা হৈছে। যিসকলে মাহে ২০০ আৰু ২৫০ লিটাৰ পেট্ৰ’ল-ডিজেল পাইছিল, সেই সুবিধাতো কৰ্তন কৰা হ’ব। লগতে এক দিন ‘ন’ ভেহিকল ডে’ পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকল বিষয়াক ভেহিকল এলাউন্স দিয়া হয়, তেওঁলোকে যদি জন পৰিবহণ ব্যৱহাৰ কৰে তেন্তে ১০ শতাংশ ইনচেণ্টিভ দিয়া হ’ব। বাছৰ ৰুট পুনৰ নিৰ্ধাৰণ কৰি অধিকসংখ্যক লোকক জন পৰিবহণ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হ’ব। লগতে ৫০ শতাংশ বৈঠক ভাৰ্চুৱেল কৰাৰ লক্ষ্য লোৱা হৈছে।
তেওঁ লগতে কয় যে চৰকাৰে আদালতকো অধিকাংশ শুনানি ভাৰ্চুৱেল কৰাৰ বাবে অনুৰোধ জনাইছে। সোমবাৰে সকলোকে অধিক পৰিমাণে মেট্ৰ’ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। আগন্তুক তিনি মাহত ডাঙৰ ইভেণ্ট আয়োজন কৰা নহ’ব। দিল্লীৰ বাবে বিশেষ যাত্ৰা পৰিকল্পনাও প্ৰস্তুত কৰা হ’ব, যাতে পৰ্যটকসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়।
ডিজিটেল ডেস্ক, ১৪ মে’