নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ১৪ মে’ : বিজেপিয়ে কৰা প্ৰতিটো ভাল কামৰ বিৰোধিতা কৰাই কংগ্ৰেছৰ মূল কাম। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনালেও কংগ্ৰেছে বিৰোধিতা কৰিব। ইয়াৰ বাবেই কংগ্ৰেছ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।- আজি লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াত উপস্থিত হৈ এই মন্তব্য কৰে জাগীৰোড সমষ্টিৰ বিজেপি বিধায়ক পীয়ূষ হাজৰিকাই।
আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি দুপৰীয়া লাহৰীঘাটত উপস্থিত হৈ পীয়ূষ হাজৰিকাই দলীয় কৰ্মীৰ সৈতে এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ ৰণশিঙা বজালে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক পীয়ূষ হাজৰিকাই।
আজি লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াত পীয়ূষ হাজৰিকাই এখনি দলীয় সাংগঠনিক সভাত অংশ লৈ আগন্তুক উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুত হ’বলৈ আহ্বান জনায়। ইয়াৰ উপৰি নিৰ্বাচনী ৰণকৌশলৰ ওপৰত আলোচনা কৰে পীয়ূষ হাজৰিকাই। উপ-নিৰ্বাচনত বিজেপি চৰকাৰে কৰা উন্নয়নৰ প্ৰতি লক্ষ্য কৰি লাহৰীঘাট সমষ্টিৰ ৰাইজক ভোট দিবলৈ আহ্বান জনায়।
ইউ চি চি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাজৰিকাই কয় যে কেৱল ইউ চি চি নহয়, বিজেপিৰ সকলো ভাল কামৰ সদায় কংগ্ৰেছে বিৰোধিতা কৰি আহিছে বাবেই ৰাইজে কংগ্ৰেছক একেবাৰে বিদায় দিছে।