শ্ৰীলংকাত অনুষ্ঠিতব্য ত্ৰিদেশীয় শৃংখলাৰ বাবে টীম ইণ্ডিয়াৰ দল ঘোষণা
বিচিচিআয়ে বৃহস্পতিবাৰে (১৪ মে’) ইণ্ডিয়া এ দলৰ ত্ৰিদেশীয় শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। তিলক বৰ্মাক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলত সুযোগ লাভ কৰিছে উদীয়মান তাৰকা বৈভৱ সূৰ্যবংশীয়েও। আনহাতে, উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ৰিয়ান পৰাগক।
🚨 News 🚨
India A squad for ODI tri-series in Sri Lanka announced.
The upcoming tri-series is scheduled to be held in June, 2026.
More Details ▶️ https://t.co/ZmL2u1boAW pic.twitter.com/7WXzZeeUFq
— BCCI (@BCCI) May 14, 2026
উল্লেখ্য যে এই ত্ৰিদেশীয় শৃংখলা ৯ জুনৰ পৰা আৰম্ভ হ’ব। এই প্ৰতিযোগিতাত ইণ্ডিয়া এ, আফগানিস্তান এ আৰু শ্ৰীলংকা এ দলে অংশগ্ৰহণ কৰিব। ছিৰিজটো শ্ৰীলংকাৰ আতিথ্যত অনুষ্ঠিত হ’ব।
BCCI-ৰ বিজ্ঞপ্তিত কোৱা হৈছে যে হোৱাইট বল ছিৰিজৰ উপৰি India-A আৰু Sri Lanka-A-ৰ মাজত দুখন দুদিনীয়া মেচ অনুষ্ঠিত হ’ব। এই মেচসমূহৰ বাবে India-A-ৰ দল পিছত ঘোষণা কৰা হ’ব।
ত্ৰিদেশীয় শৃংখলাৰ বাবে India-A দল
- তিলক বৰ্মা (অধিনায়ক)
- প্ৰিয়াংশ আৰ্য
- বৈভৱ সূৰ্যবংশী
- ৰিয়ান পৰাগ (উপ-অধিনায়ক)
- আয়ুস বডোনী
- নিশান্ত সান্ধু
- হৰ্ষ ডুবে
- সূৰ্যাংশ ছেড়গে
- প্ৰভসিমৰণ সিং (উইকেটকীপাৰ)
- কুমাৰ কুশাগ্ৰা (উইকেটকীপাৰ)
- বিপৰাগ নিগম
- যশ ঠাকুৰ
- যুদ্ধবীৰ সিং
- অঞ্চুল কম
-
আৰ্শ্বাদ খান
ডিজিটেল ডেস্ক, ১৪ মে’